গুৱাহাটী, 19 মে’: আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ CBI তদন্তৰ দাবীত শুকুৰবাৰে আম আদমি পাৰ্টি, অসমে দিছপুৰস্থিত সচিবালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে ৷ হাতে হাতে প্লে -কার্ড লৈ আপৰ সদস্যসকলে জোনমণি ৰাভাৰ মৃত্যুৰ CBI তদন্ত দিয়ক, গৃহ বিভাগ হায় হায়, নকল সোণৰ ক’লা ব্যৱসায়ীক ৰক্ষণা-বেক্ষণ দিয়া আৰক্ষীক গ্ৰেপ্তাৰ কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে (AAP Protest in Guwahati for Demands CBI Enquery) ৷
আপৰ সদস্য সকল সচিবালয়ত প্ৰৱেশত আৰক্ষীয়ে বেৰিকেড লগাই বাধা দিয়ে ৷ প্ৰতিবাদত অংশগ্ৰহণ কৰি 'আপ'ৰ ৰাজ্যিক উপ-সভাপতি জিতুল ডেকাই কয় যে, জোনমণি ৰাভাৰ মৃত্যুৰ পিচৰে পৰা এই মৃত্যু সন্দৰ্ভত ন ন তথ্য প্ৰকাশ পাইছে ৷ দুৰ্ঘটনাটোৰ প্ৰত্যক্ষদর্শীয়ে সংবাদ মাধ্যমৰ আগত ৰখা বক্তব্যই এয়া এক দুর্ঘটনা নহয় যেন এক হত্যাকাণ্ডহে তেনে আশংকাৰ সৃষ্টি কৰিছে বুলি কয় নেতাজনে (Junmoni Rabha death case) ৷
আনহাতে এই ঘটনাত নকল সোণ, ড্ৰাগছৰ চোৰাং ব্যৱসায়ৰ এটা চক্ৰ জড়িত থকাৰ কথাও প্ৰকাশ পোৱাৰ লগতে নগাঁও আৰু লখিমপুৰ জিলাৰ আৰক্ষী জড়িত থকাৰ কথা প্ৰকাশ পাইছে বুলি কয় নেতাগৰাকীয়ে ৷ যিহেতু ঘটনাটোত আৰক্ষী জড়িত থকাৰ কথা প্ৰকাশ পাইছে সেয়ে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত নিৰপেক্ষ হোৱাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে চি বি আইক তদন্তৰ দায়াত্ব অৰ্পণ কৰিব লাগে বুলি কয় 'আপ'ৰ ৰাজ্যিক উপ-সভাপতি গৰাকীয়ে (AAP Protest at Guwahati) ৷
তেওঁ লগতে কয় যে, মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কৈছে যে, জোনমণি ৰাভাৰ পৰিয়ালে বিচাৰিলে এই ঘটনাৰ চি বি আই তদন্ত দিব ৷ কিন্তু এইটো কেনে কথা ৷ এগৰাকী আৰক্ষী বিষয়া গৃহ বিভাগৰ অন্তৰ্গত ৷ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰে এগৰাকী বিষয়া আছিল জোনমণি ৰাভা ৷ গতিকে মুখ্যমন্ত্ৰীয়ে চি বি আইক এই মৃত্যুৰ তদন্ত দিব লাগে বুলি ডেকাই উল্লেখ কৰে ৷
জোনমণি ৰাভাৰ মৃত্যু হোৱাৰ তিনি দিন পাৰ হৈ যোৱাৰ পিচতো তেওঁৰ পৰিয়ালৰ ওচৰত চৰকাৰৰ কোনো এগৰাকী মন্ত্ৰী, বিধায়ক, আমোলা, শীর্ষ আৰক্ষী বিষয়াই মাত এষাৰ দিবলৈ নোযোৱাটো পৰিতাপৰ বিষয় বুলি কয় আপৰ নেতা গৰাকীয়ে ৷ জোনমণি ৰাভা এগৰাকী আৰক্ষী বিষয়া হোৱাৰ লগতে এগৰাকী অসমৰ জীয়ৰী; গতিকে হত্যাকাণ্ড বুলি চৰ্চা হোৱা জোনমণি ৰাভাৰ মৃত্যুৰ চি বি আই তদন্ত লাগে বুলি দাবী কৰে 'আপ'ৰ ৰাজ্যিক উপ-সভাপতি জিতুল ডেকাই (AAP Protest in Guwahati) ৷
লগতে পঢ়ক: Akhil Gogoi Press Meet: জোনমণি ৰাভাৰ মৃত্যুৰ CBI তদন্তৰ দাবী অখিল গগৈৰ