ETV Bharat / state

'আপ' কংগ্ৰেছৰ বিকল্প হ'ব নোৱাৰে : দেৱব্ৰত শইকীয়া

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত আম আদমী পাৰ্টিয়ে (আপ) কংগ্ৰেছতকৈও ভাল ফলাফল প্ৰদৰ্শন কৰাৰ পিছত ৰাজনৈতিক মহলত চলিছে ব্যাপক চৰ্চা (GMC Election Results 2022)৷ এফালৰ পৰা জহিখহি যাবলৈ ধৰা কংগ্ৰেছৰ বিকল্প হিচাপে অসমত ভেটি গজগজীয়া কৰিব নেকি অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন এই দলটোৱে । 'আপ'ৰ উত্থান তথা কংগ্ৰেছৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কৰিলে বিশেষ মন্তব্য ৷

aap-not-congress-alternative-says-opposition-leader-debabrata-saikia
'আপ' কংগ্ৰেছৰ বিকল্প হ'ব নোৱাৰে : দেৱব্ৰত শইকীয়া
author img

By

Published : Apr 25, 2022, 7:39 PM IST

গুৱাহাটী, ২৫ এপ্ৰিল : অসমত বিজেপিৰ উত্থানৰ গতিয়ে এফালৰ পৰা নোহোৱা কৰাৰ উপক্ৰম কৰিছে প্ৰতিটো ৰাজনৈতিক দলৰ অস্তিত্বক । যিটো সময়ত বিৰোধী হিচাপে কংগ্ৰেছ দলে এক বিশেষ ভূমিকা পালন কৰিব লাগিছিল তেনে সময়ত কংগ্ৰেছ নিশ্চিহ্ন হোৱাৰ পথত গতি কৰিছে । ইজনৰ পাছত সিজন নেতাই ত্যাগ কৰিছে কংগ্ৰেছ (Congress leaders left party) । যাৰ বাবে উপযুক্ত বিৰোধী বিহীনভাৱে বিজেপিয়ে শাসন চলাই গৈছে ।

সম্প্ৰতি গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত আম আদমী পাৰ্টিয়ে (আপ) কংগ্ৰেছতকৈও ভাল ফলাফল প্ৰদৰ্শন কৰাৰ পিছত এতিয়া ৰাজনৈতিক মহলত চলিছে ব্যাপক চৰ্চা (GMC Election Results 2022)৷ এফালৰ পৰা জহিখহি যাবলৈ ধৰা কংগ্ৰেছৰ বিকল্প হিচাপে অসমত ভেটি গজগজীয়া কৰিব নেকি অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন এই দলটোৱে (AAP rising in Assam)। স্বাভাৱিকতে গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে অসমৰ এই নতুন ৰাজনৈতিক বিন্যাস ।

'আপ' কংগ্ৰেছৰ বিকল্প হ'ব নোৱাৰে : দেৱব্ৰত শইকীয়া

অৱশ্যে ৰাজ্যৰ কংগ্ৰেছ দলে 'আপ'ৰ এনে উত্থানত আতংকিত হ'বলগীয়া কোনো কথা নাই বুলিহে মন্তব্য কৰে বিৰোধী দলপতিগৰাকী । বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সোমবাৰে এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে, অসমত 'আপ' কেতিয়াও কংগ্ৰেছৰ বিকল্প হ'ব নোৱাৰে (Debabrat Saikia on AAP) । কংগ্ৰেছৰ বাবে সাময়িক বিপৰ্যয় আহিছে ঠিকেই, কিন্তু তাৰ অৰ্থ এইটো নহয় যে কংগ্ৰেছৰ স্থান আন কোনো দলে ল'ব পাৰিব ।

ইফালে, বিৰোধী দলপতি গৰাকীয়ে 'আপ' আৰু বিজেপিক এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি বুলি আখ্যা দি কয় যে, বিগত সময়চোৱাত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল বিজেপিৰ সৈতে সুৰ মিলাই কৰি যোৱা কিছুমান কামেই ইয়াৰ প্ৰমাণ দিছে । বিশেষকৈ 'কা' বিৰোধী আন্দোলনৰ সময়ত 'আপ'ৰ ভূমিকা কি আছিল সেয়া সকলোৱে দেখিছিল ।

তেওঁ লগতে কয় যে, গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত আম আদমী পাৰ্টিয়ে এটা ৱাৰ্ডত জয়লাভ কৰা মানেই এই দলটো কংগ্ৰেছৰ বিকল্প হোৱাটো নুবুজায় । আজিৰ তাৰিখত কংগ্ৰেছৰ বিকল্প আন কোনো দল নাই । ভাৰতৰ মানুহে কেৱল কংগ্ৰেছ আৰু বিজেপিকহে ইটো সিটো দলৰ বিকল্প বুলি ভাবে । সাময়িক বিপৰ্যয়ে কংগ্ৰেছ দলক নিঃশেষ কৰি দিব নোৱাৰে বুলিও দাবী কৰে বিৰোধী দলপতিগৰাকীয়ে ।

লগতে পঢ়ক : GMC Election 2022 : 8,097 গৰাকী ভোটাৰৰ ন’টাত ভোটদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.