গুৱাহাটী, 18 চেপ্তেম্বৰ : দুৰ্নীতিক মূল শ্ল'গান হিচাপে লৈ 2021 চনৰ নিৰ্বাচনত অৱৰ্তীৰ্ণ হ'ব আম আদমী পাৰ্টী । চলিত বৰ্ষৰ শেষৰ ফালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অসমৰ বৰাক উপত্যকাৰ লগতে উজনি আৰু নামনি অসমৰ কেইবা ঠাইতো প্ৰচাৰ চলাবলৈ আহিব। শুকুৰবাৰে এই কথা সদৰি কৰিলে আম আদমী পাৰ্টী অসম প্ৰদেশৰ মুখ্য সমন্বয়ক ডঃ ভৱেন চৌধুৰীয়ে ।
আনহাতে,আম আদমী পাৰ্টীৰ অসমত সাংগঠনিক ভেটি সন্দৰ্ভত মন্তব্য কৰে দলটোৰ ৰাজ্যিক সমন্বয়ক গৰাকীয়ে । দলটোৰ ৰাজ্যিক সমন্বয়ক গৰাকীৰ মতে, সমগ্ৰ ৰাজ্যত আম আদমী পাৰ্টীৰ সমৰ্থক সকলক বাদ দি প্ৰায় 40 হাজাৰ কৰ্মকৰ্তা আছে । তেওঁলোকে দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবৰ বাবে দিনে নিশাই কাম কৰি আছে । গতিকে, 2021 চনত দুৰ্নীতিৰ বিৰুদ্ধে পৰিৱৰ্তনৰ ৰাজনীতি কৰি অসমৰ 86 টা সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াব দলটোৱে ৷
উল্লেখযোগ্য যে,শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেলত হোম গাৰ্ড এছ'চিয়েছনৰ 5 গৰাকী বিষয়ববীয়াই আম আদমী পাৰ্টীত যোগদান কৰে । দলটোত যোগদান কৰা হোম গাৰ্ড এছ'চিয়েছনৰ সভাপতি গৰাকীৰ মন্তব্য অনুসৰি,অসমত 27 হাজাৰ হোম গাৰ্ডৰ কৰ্মী আছে । চৰকাৰে তেওঁলোকক কৰা বঞ্চনাৰ বাবেই আম আদমী পাৰ্টীত যোগদান কৰিছে বুলি মন্তব্য প্ৰদান কৰিছে ৷
লগতে পঢ়ক : পূৱ বিলাসীপাৰাৰ চাপৰৰ উচ্ছেদিত পৰিয়ালৰ কাষত জমিয়ত উলেমা