ETV Bharat / state

হাৰিয়ানাত উদ্ধাৰ বিহাৰলৈ যোৱা অসমৰ কয়লাবাহী ট্ৰাক - বশিষ্ঠ আৰক্ষী

কিছুদিন পূৰ্বে গুৱাহাটীৰ পৰা বিহাৰলৈ যোৱা দুখন কয়লাবাহী ট্ৰাক হাইজেক হৈছিল । বিহাৰৰ সলনি হাৰিয়ানালৈ লৈ যোৱা হৈছিল ট্ৰাককেইখন । কিন্তু কোনে আৰু কিয় হাইজেক কৰিছিল কয়লাবাহী ট্ৰাক দুখন ?

hijack coal truck
হাৰিয়ানাত উদ্ধাৰ বিহাৰলৈ যোৱা অসমৰ কয়লাবাহী ট্ৰাক
author img

By

Published : Aug 26, 2021, 6:08 PM IST

গুৱাহাটী, ২৬ আগষ্ট : গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীৰ বৃহৎ সফলতা । এইবাৰ হাৰিয়ানাৰ ৰোহটাকত উদ্ধাৰ হ'ল গুৱাহাটীৰ পৰা বিহাৰ অভিমুখে যাত্ৰা কৰা দুখন হাইজেক হোৱা কয়লাবাহী ট্ৰাক । বশিষ্ঠ আৰক্ষী থানাৰ পৰা যোৱা এটা আৰক্ষীৰ দলে উদ্ধাৰ কৰে ট্ৰাক দুখন ।

আৰক্ষীৰ দলটোৱে ঘটনা সন্দৰ্ভত হাৰিয়ানাৰ ৰোহটাকৰ মানকান নগৰ নিবাসী সন্দিপ নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰে । ধৃত লোকজনক লৈ ইতিমধ্যে গুৱাহাটীলৈ ৰাওনা হৈছে বশিষ্ঠ আৰক্ষীৰ দলটো । আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, লালমাটিৰ গহনা আছাম ৰোড কেৰিয়াৰ্ছ (Gohona Assam Road Carriers) নামৰ কোম্পানীটোৰ এই দুখন কয়লাবাহী ট্ৰাক গুৱাহাটীৰ পৰা বিহাৰলৈ গৈছিল । কিন্তু সময়মতে ট্ৰাক দুখন বিহাৰ গৈ নোপোৱাত কোম্পানীটোৰ স্বত্বাধিকাৰী শিৱ কুমাৰে বশিষ্ঠ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল ।

hijack coal truck
হাৰিয়ানাত উদ্ধাৰ বিহাৰলৈ যোৱা অসমৰ কয়লাবাহী ট্ৰাক

সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৬৫৭/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰিছিল । আৰক্ষীয়ে অনুসন্ধানত কোম্পানীটোৰ স্বত্বাধিকাৰী শিৱ কুমাৰৰ সহযোগী ধৃত সন্দিপে অভিসন্ধি কৰি বিহাৰলৈ গৈ থকা কয়লাবাহী ট্ৰাক দুখন আদ বাটৰ পৰা ৰোহটাকলৈ নিয়া তথ্য লাভ কৰে ।

তাত সন্দিপে ট্ৰাক দুখনত থকা কয়লাখিনি বিক্ৰী কৰি দিয়াৰো অভিযোগ উঠিছে । ৰোহটাকলৈ যোৱা বশিষ্ঠ আৰক্ষীৰ দলটোৱে অভিযান চলায় RJ-৩২-GB-৬৮৮৯ আৰু HR-৬৩-C-৪৯০৯ নম্বৰৰ ট্ৰাক দুখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইফালে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বশিষ্ঠ আৰক্ষীয়ে ।

লগতে পঢ়ক :গোৱালপাৰাত আত্মসমৰ্পণ দুৰ্ধৰ্ষ ডকাইতৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.