গুৱাহাটী, 31 ডিচেম্বৰ : বুধবাৰে নিশা গুৱাহাটীৰ সাতমাইলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক পথ দুৰ্ঘটনা সংঘটিত হয় । আজাৰা দিশৰ পৰা জালুকবাৰী দিশে আহি থকা AS-01L-1651 নম্বৰৰ এখন কাৰ্পেট ভৰ্তি ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে ।
স্থানীয় লোকে সদৰি ৰা মতে দুৰ্ঘটনাৰ ফলত কোনো লোক হতাহত হোৱা নাই । ইফালে দুৰ্ঘটনাৰ পিচতেই অঞ্চলটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। পিচত ঘটনাস্থলীত জালুকবাৰী যান-বাহন আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।
উল্লেখযোগ্য যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জালুকবাৰীৰ সমীপৰ অঞ্চলটো এতিয়া মৃত্যুদূত হিচাপে পৰিগণিত হৈছে । প্ৰায়ে এই স্থানত দুৰ্ঘটনা সংঘটিত হয় বুলি জানিবলৈ দিছে স্থানীয় লোকে ।
লগতে পঢ়ক:2020ত সফল পৰীক্ষণ সম্পন্ন হোৱা ভাৰতৰ ক্ষেপনাস্ত্ৰ প্ৰণালীসমূহ