গুৱাহাটী, 29 নৱেম্বৰ : দেওবাৰে ৰাজ্যজুৰি পালন কৰা হয় মামণি ৰয়ছম গোস্বামীৰ নৱম মৃত্যুবাৰ্ষিকী ৷ কিন্তু নৱম মৃত্যু বাৰ্ষিকীত ৰজাঘৰীয়াৰ পৰা অৱহেলিত হৈ ৰল মামণি ৰয়ছম গোস্বামীৰ গান্ধীবস্তীৰ 'ৰামাঞ্জলী' নামৰ সকলোৰে পৰিচিত গৃহটো ৷ সেই বিশেষ গৃহটোৰ পৰাই ইখনৰ পাছত সিখনকৈ অমৰ সাহিত্য সৃষ্টি কৰা বাইদেউৰ ঘৰটো এতিয়া ৰজাঘৰীয়াৰ পৰা উপেক্ষিত হৈ আছে ৷
জীৱন কালত অনুৰাগী, গুণমুগ্ধৰে ঠাহ খাই থকা গান্ধীবস্তীৰ এই বিশেষ বাসগৃহটোত দেওবাৰে পৰিয়ালৰ লোকৰ দ্বাৰা নৱম মৃত্যুবাৰ্ষিকী পালন কৰা হয় ৷ যাৰ বাবে পৰিয়ালৰ লোকে স্বাৰ্থৰ বাবেহে মামণি ৰয়ছম গোস্বামীক ব্যৱহাৰ কৰা বুলি মন্তব্য প্ৰদান কৰে ৷
আনহাতে, বাইদেউৰ অমৰ সৃষ্টিৰাজী এতিয়া সংৰক্ষিত কৰি ৰাখিছে 'South asia ramayana research centre' নামৰ এটা বেচৰকাৰী অনুষ্ঠানে ৷
লগতে পঢ়ক : বিটিচিত অশান্ত পৰিৱেশ সৃষ্টি হ'লে দায়ী হ’ব হিমন্ত বিশ্ব শৰ্মাঃ ড° অঞ্জলী প্ৰভা দৈমাৰী