গুৱাহাটী,18অক্টোবৰঃ কঙালী বিহু উপলক্ষে একেলগে জ্বলিল ৫০০০ বন্তি । ৰাজ্যজুৰি আজি পালন কৰা হৈছে কাতি বিহু । পথাৰখন লখিমীৰে উপচি পৰাৰ কামনাৰে ধাননি পথাৰত চাকি জ্বলোৱাৰ লগতে সমাজৰ পৰা অপায়-অমংগল দূৰ হোৱাৰ কামনাৰে চাকি বন্তি জ্বলাই পালন কৰা হয় কঙালী বিহু ৷ কাতি মাহৰ সময়ছোৱাত খেতিডৰা পোক-পতংগৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্য ৰাখিয়েই অতীজৰে পৰা পৰম্পৰাগতভাৱে পালন কৰি অহা হৈছে কাতি বিহু বা কঙালী বিহু ।

আজি কাতি বিহুৰ লগত সংগতি ৰাখি দক্ষিণ কামৰূপৰ বৰিহাট শিকাৰহাটীত খেলপথাৰত সমূহীয়াকৈ কাতি বিহু উদযাপন কৰা হৈছে । আইদেউ টকীজ অসমৰ উদ্যোগত গধূলিৰ পৰা প্ৰায় ৫ হাজাৰ চাকি-বন্তিৰে শিকাৰহাটী খেলপথাৰ উজ্বলাই তোলা হয় । এই বিশেষ দিনটোত আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমীয়া পৰিচালিকা ৰীমা দাসৰ 'ভিলেজ ৰকষ্টাৰছ' ছবিখন সম্পূৰ্ণ মুকলি আকাশৰ তলত প্ৰদৰ্শন কৰিব আইদেউ টকীজে ৷ লগতে বহুতো চুটি ছবিও নিশা দৰ্শকক মুকলি আকাশৰ তলত প্ৰদৰ্শন কৰা হ'ব ।