ETV Bharat / state

৩০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব অসম প্ৰকাশন পৰিষদৰ ৩৩ সংখ্যক গ্ৰন্থমেলা

অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত ১২ দিনীয়াকৈ অনুষ্ঠিত হ’ব অসম প্ৰকাশন পৰিষদৰ ৩৩ সংখ্যক গ্ৰন্থমেলা ৷ ৩০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব গ্ৰন্থমেলা খন ৷

গ্ৰন্থমেলা
গ্ৰন্থমেলা
author img

By

Published : Dec 28, 2020, 7:01 PM IST

গুৱাহাটী, 28 ডিচেম্বৰ : ৩০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব অসম প্ৰকাশন পৰিষদৰ ৩৩ সংখ্যক গ্ৰন্থমেলা ৷ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত ১২ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাৰ আৰম্ভণি অনুষ্ঠানত অংশ ল’ব বিশিষ্ট লেখক তথা ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল তথাগত ৰয়, প্ৰসিদ্ধ সাহিত্যিক য়েছে দৰজে ঠংচিয়ে ৷ গ্ৰন্থমেলাৰ মূল উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ৷

গ্ৰন্থমেলাৰ বাবে ৩৮ খন গ্ৰন্থ পুনৰ মুদ্ৰণ আৰু ৩৯ খন গ্ৰন্থ নতুনকৈ প্ৰকাশ কৰা হৈছে

প্ৰকাশন পৰিষদে ২০১৯ ৰ জীৱনজোৰা সাধনাৰ বাবে বিশিষ্ট সংস্কৃত পণ্ডিত ডঃ থানেশ্বৰ শৰ্মা আৰু ২০২০ বৰ্ষৰ জীৱনজোৰা সাধনা বঁটাৰ বাবে বিশিষ্ট ভাষাবিদ তথা কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডঃ ৰমেশ পাঠকক বাচনি কৰিছে ৷ সোমবাৰে সংবামেলযোগে এই কথা সদৰী কৰিলে প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাৰ সম্পাদকৰ লগতে অসম প্ৰকাশন পৰিষদৰ সচিবে ৷

গ্ৰন্থমেলাত এইবাৰ মুঠ ১১৭ টা প্ৰতিষ্ঠানে অংশ ল’ব
ইয়াৰোপৰি প্ৰকাশন পৰিষদৰ এইবাৰৰ গ্ৰন্থমেলাত প্ৰথমবাৰলৈ উন্মোচন কৰা হ'ব অসমীয়া লিপি ৷ উল্লেখ্যে যে, অসমীয়া লিপি প্ৰস্তুত কৰি উলিয়াইছে প্ৰকাশন পৰিষদে ৷ গ্ৰন্থমেলাত প্ৰথমবাৰৰ মুদ্ৰিত ৰূপত মুকলি কৰা হ’ব লিপি ৷ ইয়াৰ সমান্তৰালভাৱে এখন অসমীয়া উচ্চাৰণ অভিধান আৰু অডিঅ' ডিক্সনেৰীও প্ৰস্তুত কৰি উলিয়াইছে প্ৰকাশন পৰিষদে ৷
৩০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব অসম প্ৰকাশন পৰিষদৰ ৩৩ সংখ্যক গ্ৰন্থমেলা
১২ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’বলগীয়া প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাত এইবাৰ মুঠ ১১৭ টা প্ৰতিষ্ঠানে অংশ ল’ব ৷ ইয়াৰে ভিতৰত দিল্লীৰ ৮ টা, কলকাতাৰ ৫ টা আৰু অসমৰ ৯২ টা প্ৰতিষ্ঠানে অংশ ল’ব ৷ গ্ৰন্থমেলাৰ বাবে ৩৮ খন গ্ৰন্থ পুনৰ মুদ্ৰণ আৰু ৩৯ খন গ্ৰন্থ নতুনকৈ প্ৰকাশ কৰা হৈছে ৷ ইয়াৰ ভিতৰত ৰজনীকান্ত বৰদলৈৰ ৰচনাও অন্যতম ৷ ৰাভা ভাষাৰ আলোচনী বাদুংদুপ্পাও উন্মোচন কৰা হ’ব গ্ৰন্থমেলাত ৷ লগতে কাইঠেলি লিপি আৰু অসমীয়া লিপিযুক্ত বৰগীতৰ সংকলন এই গ্ৰন্থমেলাতে উন্মোচন কৰা হ’ব ৷ গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত অংশ ল’ব অসম চৰকাৰৰ শিক্ষা, বিত্ত বিভাগ আদিৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাৰ সভাপতিয়ে ৷

লগতে পঢ়ক: নসত্ৰ কৃষ্ণ গুৰু সেৱাশ্ৰমত বিটিচিৰ নৱ নিৰ্বাচিত চীফ প্ৰমোদ বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.