ETV Bharat / state

Ambulance Service : ৰাজ্যৰ স্বাস্থ্যখণ্ডত সংযোজিত হ'ল ৮৩ খন বেছিক লাইফ ছাপ'ৰ্ট এম্বুলেঞ্চ

author img

By

Published : Aug 11, 2022, 7:46 PM IST

জনতা ভৱনত মুখ্যমন্ত্রীয়ে ফ্লেগ অফ কৰি ৰাইজৰ বাবে মুকলি কৰিলে ৮৩ খন বেছিক লাইফ ছাপ'ৰ্ট এম্বুলেঞ্চ (Chief Minister flag off Basic Life Support Ambulance) । অসম চৰকাৰে মৃত্যুঞ্জয় সেৱালৈ আগবঢ়াইছে ১৫০ খন নতুন বেছিক লাইফ চাপৰ্ট এম্বুলেঞ্চ । ২০৩০ চনৰ ভিতৰত বছৰত ২ হাজাৰ চিকিৎসক উলিওৱাৰ লক্ষ্য নিৰ্ধাৰণ । আয়ুষ্মান ভাৰতৰ দৰে আয়ুষ্মান অসম আঁচনি গ্ৰহণৰ চিন্তা-চৰ্চা অসম চৰকাৰৰ (Assam Government think about Ayushman Assam scheme) ।

Ambulance Service
Ambulance Service

গুৱাহাটী, ১১ আগষ্ট : অসমৰ স্বাস্থ্য খণ্ডত আজি নতুনকৈ সংযোজিত হ'ল ৮৩ খন বেছিক লাইফ ছাপ'ৰ্ট (বি এল এছ) এম্বুলেঞ্চ (Basic Life Support Ambulances to Health Sector of Assam) । উল্লেখ্য যে অসম চৰকাৰে মৃত্যুঞ্জয় সেৱালৈ আগবঢ়াইছে ১৫০ খন নতুন বেছিক লাইফ ছাপৰ্ট এম্বুলেঞ্চ (150 BLS to Mrityunjay Service in ASsam) । আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰে ইয়াৰে ৮৩ খন বি এল এছ এম্বুলেঞ্চ (Himanta Biswa Sarma flag off Basic Life Support Ambulance) ।

ৰাজ্যৰ স্বাস্থ্যখণ্ডত সংযোজিত হ'ল ৮৩ খন বেছিক লাইফ ছাপ'ৰ্ট এম্বুলেঞ্চ

জনতা ভৱনত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্রীয়ে ফ্লেগ অফ কৰি এম্বুলেঞ্চকেইখন মুকলি কৰে । উল্লেখ্যে যে ৪ কোটি টকা ব্যয়েৰে ক্ৰয় কৰা হৈছে ১৫০খন বাহন । অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ২০০৮ চনৰ ৬ নৱেম্বৰত ৰ‍জ্যত ১০৮ মৃত্যুঞ্জয় সেৱা আৰম্ভ হৈছিল । প্ৰথম অৱস্থাত অতি কম বাহনেৰে সেৱা আগবঢ়োৱা হৈছিল । এতিয়া ৰাজ্যত ৮০০খন ১০৮ সেৱাৰ বাহন আছে (800 108 service vehicles in Assam now) । এতিয়ালৈকে ৩ কোটি ৯১ লাখে লোকে ফোন কৰিছে মৃত্যুঞ্জয় সেৱালৈ ।

এই সেৱাৰ যোগেদি ১৯ লাখ গৰ্ভৱতী মহিলাক সেৱা আগবঢ়োৱা হৈছে । আনহাতে, এই সেৱাৰ যোগেদি ২ লাখ লোকৰ প্ৰাণ ৰক্ষাৰ ক্ষেত্ৰত সহায়ক হৈছে । মুখ্যমন্ত্রীয়ে কয় যে প্ৰত্যেক এবছৰৰ মূৰে মূৰে এশখন বাহন সলনি কৰি থকা হৈছে । প্ৰথমে কেন্দ্ৰীয় চৰকাৰে সহায় আগবঢ়াইছিল (Central Government helped to 108 services) যদিও এতিয়া স্ব-অগ্ৰাধিকাৰ পুঁজিৰ জৰিয়তে বাহনসমূহ ৰিপ্লেচমেণ্ট কৰা হৈছে । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ১৫ বছৰৰ মূৰে মূৰে বাহনসমূহ স্ক্ৰেপলৈ প্ৰেৰণ কৰিব লাগে ।

মৃত্যুঞ্জয় সেৱালৈ ১৫০ খন নতুন বেছিক লাইফ ছাপৰ্ট এম্বুলেঞ্চ

কিন্তু এম্বুলেঞ্চসমূহ ১৫ বছৰ কেতিয়াও নাযায় । সেয়ে অতি কম সময়ৰ ভিতৰত নিলামৰ ব্যৱস্থা কৰা হয় । মুখ্যমন্ত্ৰীয়ে কয় যে স্ক্ৰেপত যাবলগীয়া বাহন যদি কোনোবা বেচৰকাৰী সংস্থাই বিচাৰে তেন্তে বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব । চৰ্ত হ’ব মাথোঁ স্বাস্থ্য খণ্ডত ব্যৱহাৰ হ’ব লাগিব উক্ত বাহনসমূহ । অসমত স্বীকৃতিপ্ৰাপ্ত মেডিকেল কলেজৰ সংখ্যা ৯খনলৈ বৃদ্ধি পালে (Recognized medical colleges in Assam increased to 9) বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ে ইতিমধ্যে নেচনেল মেডিকেল কাউঞ্চিলৰ (National Medical Council) স্বীকৃতি ল‍াভ কৰিছে ।

ইয়াৰ লগে লগে এতিয়া অসমত ৯ খন স্বীকৃতিপ্ৰাপ্ত মেডিকেল কলেজ হ’ল । অহা বছৰ কোকৰাঝাৰ আৰু নলবাৰী মেডিকেল কলেজৰ এখন আৰম্ভ কৰা হ'ব । পূজাৰ পূৰ্বে ৫খন মেডিকেল কলেজৰ কাম আৰম্ভ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে । মুখ্যমন্ত্রীয়ে লগতে কয় যে ২০৩০ চনৰ ভিতৰত বছৰত ২ হাজাৰ চিকিৎসক উলিওৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । আনহাতে, গুৱাহাটীত আৰু এখন মেডিকেল কলেজৰ কথা মুখ্যমন্ত্রীয়ে সদৰী কৰে (One more Medical collage in Guwahati) ।

আয়ুষ্মান ভাৰতৰ দৰে আয়ুষ্মান অসম এক আঁচনি লোৱাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । যাৰ দ্বাৰা জ্যেষ্ঠ নাগৰিক, সাংবাদিক, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ ৰেচন-কাৰ্ড নথকা লোক আদিক সামৰি ল'ব পৰা যাব । অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত (Health Minister Keshab Mahanta), স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশীৰ লগতে স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়া আৰু অন্যান্য গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :Demand for investigation: স্বাস্থ্য বিভাগৰ নিযুক্তি কেলেংকাৰীৰ উচিত তদন্তৰ দাবী চৰাইদেউ আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.