গুৱাহাটী, ৩০ ছেপ্টেম্বৰ: লোকসভা বা বিধানসভা নিৰ্বাচনৰ ঠিক আগে আগে ৰাজ্যত যিধৰণৰ বাতাবৰণৰ সৃষ্টি হয়, নিতৌ একো একোজন কেন্দ্ৰীয় মন্ত্ৰীৰ আগমন ঘটে অসমলৈ, ঠিক তেনেকুৱা এক বাতাবৰনেই সৃষ্টি হৈছে বিগত এটা মাহত ।

আন একো নহ'লেও দিল্লীৰ পৰা উৰি অহা কেন্দ্ৰীয় মন্ত্ৰীৰ ভিৰ লাগিছে অসমত । গড় হিচাপে চাবলৈ গলে বিগত এটা মাহত দুটা দিনৰ মুৰে মুৰে একোজনকৈ কেন্দ্ৰীয় মন্ত্ৰীৰ অসমলৈ আগমন ঘটিছে । অৰ্থাৎ বিগত ৩০ দিনত ১৫ গৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰী অসমলৈ আহিছে ।

ইয়াৰ ভিতৰত অসমৰ দুই মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলীক ধৰা হোৱা নাই । তেওঁলোকক ধৰিলে অসমত পদাৰ্পন কৰা মন্ত্ৰীৰ সংখ্যা হ’ব ১৭ গৰাকী । মূলতঃ কেন্দ্ৰীয় আচনি সমূহ অসমত কিধৰণে ৰূপায়ণ হৈছে তাৰ পৰ্যালোচনাৰ কৰিবলৈকে এইদৰে কেন্দ্ৰীয় মন্ত্ৰীৰ সোত বৈছে অসমলৈ ।

সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলীৰ উপৰিও বিগত এটা মাহত অসমলৈ আগমন ঘটা এই পোন্ধৰ গৰাকী কেন্দ্ৰীয় মন্ত্ৰী হ'ল - অৰ্জুন মুণ্ডা, গজেন্দ্ৰ সিং শ্বেখাৱট, জি কিষাণ ৰেড্ডী, হৰদীপ সিং পুৰী, এছ পি সিং ৱাঘেল, দৰ্শনা জাৰডোচ, ডঃ বীৰেন্দ্ৰ কুমাৰ, সাধ্বী নিৰঞ্জন জ্যোতি, গিৰিৰাজ সিং, শোভা কাৰাণ্ডালাজে, কপিল এম পাটিল, প্ৰহ্লাদ পেটেল, অৰ্জুন মেঘৱাল, অজয় ভাট আৰু অনুপ্ৰিয়া পেটেল ।

লগতে পঢ়কঃ গুৱাহাটীৰ কণিকা এপাৰ্টমেণ্টত ড্ৰাগছৰ বেহা চলাৰ অভিযোগ অস্বীকাৰ আবাসীৰ