গুৱাহাটী, ১৬ ছেপ্টেম্বৰ ত: নিশাৰ মহানগৰীত কিন্নৰৰ দপদপনি । শেহতীয়াকৈ কেইবাটাও অপৰাধজনিত ঘটনাৰে নাম সাঙোৰ খাইছে একাংশ কিন্নৰৰ । বৰ্তমান কিন্নৰৰ দুটা ফৈদৰ মাজত অব্য়াহত আছে তুমুল সংঘাত । এনে পৰিস্থিতিৰ মাজতে বুধবাৰে নিশা সংঘটিত এক ঘটনাই পুনৰ কিন্নৰৰ নাম কলুষিত কৰিলে ।
বুধবাৰে নিশা এটি ১৪ বছৰীয়া কিশোৰক লাচিত ঘাটলৈ নি শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে কিন্নৰৰ বিৰুদ্ধে । এই ঘটনাৰ পাছতে কিশোৰটিৰ পৰিয়ালে ভৰলুমুখ আৰক্ষী থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰে । এই এজাহাৰৰ ভিত্তিতে ভৰলুমুখ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হয় । এই সন্দৰ্ভত সোধা-পোছাৰ বাবে ভৰলু আৰক্ষীয়ে এজনক আটক কৰিছে ।
ইয়াৰ পূৰ্বে একাংশ কিন্নৰৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ উত্থাপিত হৈছিল । এইবাৰ ১৪ বছৰীয়া কিশোৰক ধৰি বান্ধি শাৰীৰিক নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ যি সময়ত কিন্নৰৰ দুটা ফৈদৰ মাজত বিভিন্ন বিষয়ক লৈ সংঘাত আৰম্ভ হৈছে সেই সময়তে কিশোৰটিক নিৰ্যাতন চলোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । লগতে এই ঘটনাই সমগ্ৰ কিন্নৰ সমাজক লজ্জিত কৰিছে । উল্লেখ্য যে, বহিঃৰাজ্যৰ পৰা অহা একাংশ কিন্নৰে গুৱাহাটী মহানগৰীত বিভিন্ন অপৰাধৰ সৈতে লিপ্ত হৈ পৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।
লগতে পঢ়ক: ধুবুৰী অসামৰিক চিকিৎসালয়ৰ পৰা গ্ৰেপ্তাৰ তিনিজন মধ্যভোগী