ETV Bharat / state

Lok Sabha election 2024: গুৱাহাটীত দেশৰ 12 খন ৰাজ্যৰ বিজেপি নেতৃত্বৰ বৈঠক

author img

By

Published : Jul 6, 2023, 7:59 PM IST

Updated : Jul 6, 2023, 9:22 PM IST

গুৱাহাটীত দেশৰ 12 খন ৰাজ্যৰ বিজেপি নেতৃত্বৰ বৈঠক ৷ 2024 চনৰ লোকসভা নিৰ্বাচনক লৈ আলোচনা ৷ বৈঠকত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় নেতা নলীন কোহলী ৷

Lok Sabha election 2024
Lok Sabha election 2024
গুৱাহাটীত দেশৰ 12 খন ৰাজ্যৰ বিজেপি নেতৃত্বৰ বৈঠক

গুৱাহাটী, 6 জুলাই: 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ বৃদ্ধি পাইছে তৎপৰতা ৷ লোকসভা নিৰ্বাচন আৰু দলৰ সাংগঠনিক কামকাজ সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যৰে বৃহস্পতিবাৰে অসম, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগকে ধৰি পূবৰ 12 খন ৰাজ্যৰ বিজেপি নেতৃত্বৰ বৈঠক গুৱাহাটীত অনুষ্ঠিত হয় ৷ এই বৈঠকত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় নেতা নলীন কোহলীয়ে ৷

বৈঠকৰ অন্তত দলটোৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে কয়, ‘‘বৈঠকত কেৱল দলৰ সাংগঠনিক বিষয়ত আলোচনা হৈছে ৷ বৈঠকত অন্য বিষয়ৰ প্ৰসংগ নাই ৷ 2024 ৰ লোকসভালৈ বহু দিন আছে, তাৰ আগতে বহুত কাম আছে ৷’’

2024 নিৰ্বাচনত পূব ক্ষেত্ৰত বিজেপিয়ে ভাল ফলাফল লাভ কৰিব বুলিও তেওঁ দাবী কৰে ৷ তেওঁ কয় যে বিৰোধী লগ হ’ব পাৰে কিন্তু মোদীক আঁতৰ কৰিব নোৱাৰে ৷ মণিপুৰৰ হিংসা সংন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, ‘‘শান্তি স্থাপনৰ বাবে প্ৰচেষ্টা অব্যাহত আছে ৷ গৃহমন্ত্ৰীয়ে মণিপুৰ ভ্ৰমণ কৰিছে ৷ কিন্তু একাংশই শান্তি বিচৰা নাই ৷ তাৰ বিপৰীতে জ্বলা জুইত ঘি ঢালিছে ৰাহুল গান্ধীয়ে ।’’

মণিপুৰৰ হিংসাই আগন্তুক লোকসভা নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায় বুলিও তেওঁ মন্তব্য কৰে ৷ তেওঁ আৰু কয় যে বিজেপি পৰিবাৰ কেন্দ্ৰিক দল নহয় । সংগঠনকেন্দ্ৰিক দল । অহা ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ আসনৰ সংখ্যা বৃদ্ধি পাব ৷

আনহাতে উত্তৰ অঞ্চলসমূহৰ ভিতৰত হিমাচল প্ৰদেশ, পাঞ্জাৱ, চণ্ডীগড়, ৰাজস্থান, জম্মু-কাশ্মীৰ, লাডাখ, গুজৰাট, দমন দিউ-দাদাৰ নগৰ হাভেলী, মধ্যপ্ৰদেশ, ছত্তীশগড়, উত্তৰাখণ্ড, দিল্লী, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ আদি ৰাজ্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছে ৷ এই বৈঠক 7 জুলাইত দিল্লীত অনুষ্ঠিত হ’ব ৷

ইফালে 8 জুলাইত হায়দৰাবাদত দক্ষিণ অঞ্চলৰ নেতাসকলৰ সৈতে বৈঠক অনুষ্ঠিত হ’ব ৷ এই অঞ্চলত কেৰালা, তামিলনাডু, কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, মুম্বাই, গোৱা, আন্দামান আৰু নিকোবৰ, পুডুচেৰী আৰু লাক্ষাদ্বীপ অন্তৰ্ভুক্ত হৈছে ৷ চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া 5 খন ৰাজ্য, মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামৰ বিধানসভা নিৰ্বাচনৰ লগতে 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি ৷

উল্লেখ্য যে অসমতো ৰাজ্যিক বিজেপিয়ে লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰ গতিত চলাই নিছে ৷ ৰাজ্যৰ 14খন লোকসভা সমষ্টিৰ আসনৰ মুঠ 12 খন আসন আগন্তুক নিৰ্বাচনত দখল কৰাৰ লক্ষ্য ৰাজ্যিক বিজেপিৰ ৷

লগতে পঢ়ক: Rajasthan Congress Meet : ৰাজস্থানৰ জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলৰ সৈতে বৈঠক ৰাহুল-খাৰ্গেৰ

Last Updated : Jul 6, 2023, 9:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.