ETV Bharat / state

11বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ - 11 AM TOP TEN BULLETIN

11বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

11বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
11বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Feb 6, 2021, 11:36 AM IST

ভূত-ভৱিষ্যত নাই লুৰীণ জ্যোতি গগৈৰঃ চন্দ্ৰ মোহন পাটোৱাৰী

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ সন্দৰ্ভত মন্তব্য আগবঢ়়াই মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে, যি দলৰ সভাপতিৰেই ভূত-ভৱিষ্যত নাই, সেই দলে কি ৰাজনীতি কৰিব ৷ লুৰীণক প্ৰত্যাহ্বান মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে, নামনি অসমৰ কথাই নকও, উজনি অসমৰে দুলিয়াজান,নাহৰকটীয়া, মৰাণ এই তিনিটা সমষ্টিৰ যি কোনো এটা সমষ্টিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ জয় লাভ কৰি দেখুওৱাক। তেতিয়াহে মানিম লুৰীণ জ্যোতিৰ জনপ্ৰিয়তা আছে ৷

প্ৰধানমন্ত্ৰীৰ সভা বৰ্জন কৰিবলৈ চাহ শ্ৰমিকক আহ্বান আটছাৰ

অন্ত পৰিল অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভা ৷ উক্ত সভাতে 7 ফেব্ৰুৱাৰীত ঢেকিয়াজুলিত অনুষ্ঠিত হ’বলগীয়া প্ৰধানমন্ত্ৰীৰ সভা বৰ্জন কৰিবলৈ চাহ শ্ৰমিকসকলক আহ্বান জনাই আটছাৰ কেন্দ্ৰীয় নেতৃবৰ্গই ৷ এই সভা দুদিনীয়া কাৰ্যসূচীৰে বিশ্বনাথ কৃষি মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিল ৷

ডিব্ৰুগড়ত আছুৰ তৃতীয়টো অৰ্থনৈতিক প্ৰকল্পৰ উদ্বোধন

সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ অৰ্থনৈতিক বিপ্লৱৰ তৃতীয়টো প্ৰকল্প শুকুৰবাৰে দুলীয়াজানস্থীত ভাদৈ পাঁচআলিৰ ২নং বৰপথাৰত মুকলি কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷ প্ৰকল্পটো মুকলি কৰি বৰুৱাই কয় যে- "ছাত্ৰ সন্থাই জাতিৰ বাবে আন্দোলনো কৰে আৰু অৰ্থনৈতিক বিপ্লৱৰো সূচনা কৰিছে ৷ তাৰেই উদাহৰণ হিচাপে আজি আমাৰ তৃতীয়টো প্ৰকল্প মুকলি কৰিছো ৷

প্ৰধানমন্ত্ৰী মোডী মিথ্যা সম্ৰাট: প্ৰদ্যুত বৰদলৈ

শিলচৰত অনুষ্ঠিত সাংবাদিক সন্মিলনত শুকুৰবাৰে উপস্থিত থাকে কংগ্ৰেছী সাংসদ প্ৰদ্যুত বৰদলৈ ৷ বৰদলৈৰ লগতে উক্ত সন্মিলনত উপস্থিত থাকে সুস্মিতা দেৱ আৰু দলীয় কৰ্মকৰ্তাসকল ৷ সাংসদ গৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীক মিথ্যা সম্ৰাট আখ্য়া প্ৰদান কৰে ৷

বিলাসীপাৰাত অসম গণ পৰিষদৰ নিৰ্বাচনী তৎপৰতা

অসম গণ পৰিষদ দলৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি ৷ দলটোৰ ভাতৃ সংগঠন যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলে এই সম্পৰ্কে শুকুৰবাৰে বিলাসীপাৰাত এক মত বিনিময় সভাত মিলিত হয় ৷

চিৰাঙত বিজেপি নেতাই নিৰ্মাণ কৰিলে বাঁহৰ দলং

চিৰাঙৰ বিজনী সমষ্টিৰ বিধায়ক কলম সিং নাৰ্জাৰী বিগত সময়ত নকৰা কাম নিজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে বিজেপিৰ যুৱ নেতাই। দুখন গাঁৱৰ মাজত নিৰ্মাণ কৰি দিলে বাহৰ দলং ।

বিশেষভাৱে সক্ষম জেচমিন আৰা আহমেদৰ 'জেচমিনৰ ডায়েৰী' উন্মোচন

বিশেষভাৱে সক্ষম মঙলদৈ হাউলী মোহনপুৰৰ জেচমিন আৰা আহমেদৰ চতুৰ্থ খন গ্ৰন্থ 'জেচমিনৰ ডায়েৰী' বৃহস্পতিবাৰে উন্মোচন কৰা হয় ৷

আমগুৰিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গাফিলতিৰ ফল ভোগ কৰিছে জনতাই

আঢ়ৈ বছৰে বিকল হৈ আছে জাঁজী খাটোৱাল মাজুমেলীয়া পানী যোগান আঁচনি ৷ তিনিখন গাঁৱৰ একমাত্ৰ পানী যোগান আঁচনিখনৰ মটৰ বিকল হোৱাত পানী যোগান ব্যাহত হৈ আছে সমগ্ৰ অঞ্চলটোত ৷ আমগুৰি জনস্বাস্থ্য কাৰিকৰী বিভাগক বহুবাৰ আঁচনিখনৰ কৰ্মৰত কৰ্মচাৰীক স্থানীয় ৰাইজে মেৰামতিৰ বাবে আৱেদন নিবেদন জনায় আহিছে যদিও কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে বিভাগটোৰ বিৰুদ্ধে ।

ৰাইজৰ দল-অসম জাতীয় পৰিষদৰ মিত্ৰতা এক ‘বিয়নী মেল’: আঙুৰলতা ডেকা

শুকুৰবাৰে বটদ্ৰৱা সমষ্টিত বহুকেইটা আধাৰশিলা স্থাপন কৰাৰ পাচত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতাক ‘বিয়নী মেল’ আখ্যা বিধায়িকা আঙুৰলতা ডেকাৰ ৷ দুয়োটা দলৰে বিজেপিক পৰাভূত কৰা সপোন দহ বছৰ পাছতহে পূৰণ হ’ব বুলিও মন্তব্য কৰে বিধায়িকা গৰাকীয়ে ৷

যুদ্ধকালীন গতিত চলিছে মোডীৰ জনসভাৰ প্ৰস্তুতি

7 ফেব্ৰুৱাৰীত শ্বহীদ নগৰী ঢেকিয়াজুলিত উপস্থিত হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ইয়াকে লৈ শোণিতপুৰ প্ৰশাসন তথা অসম চৰকাৰ ব্যস্ত হৈ পৰিছে প্ৰস্তুতি সম্পন্ন কৰাত ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.