ETV Bharat / state

11বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ - 11 AM TOP TEN BULLETIN

11বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

11বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
11বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Feb 5, 2021, 11:01 AM IST

চ্যুকীক তাৎক্ষণিকভাৱে মুকলি কৰি দিয়াৰ আহ্বান নিৰাপত্তা পৰিষদৰ

ম্যানমাৰৰ নেতা আং ছান চ্যুকীৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকলক আটক কৰাৰ পাচত সংযুক্ত ৰাষ্ট্ৰ নিৰাপত্তা পৰিষদে বৃহস্পতিবাৰে তাৎক্ষণিকভাৱে মুকলি কৰি দিবলৈ আহ্বান জনায় ম্যানমাৰ সেনা বাহিনীক ।

দক্ষিণ আফ্ৰিকাক চিকিৎসাৰ ক্ষেত্ৰত সহায়ৰ আশ্বাস মোদীৰ

দুয়ো গৰাকী নেতাই মহামাৰী ক'ভিড-19ৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে ৷ লগতে দুয়োগৰাকী নেতাই নিজ নিজ দেশত কি দৰে ক'ভিড ভেকচিন প্ৰদান কৰিছে তাৰ অগ্ৰগতি আৰু বিকাশৰ বিষয়ে আলোচনা কৰে ৷

কলগাছিয়া আৰক্ষীৰ জালত তিনি জুৱাৰী

বৰটাৰীত কলগাছিয়া আৰক্ষীৰ অভিযানত ৩ জুৱাৰী গ্ৰেপ্তাৰ। বৰটাৰীত দীৰ্ঘ দিনৰ পৰাই চলি আহিছিল জুৱা।বৃহস্পতিবাৰে জুৱাৰী তিনি গৰাকীক অসম গেম আৰু বেটিং আইনৰ অধীনত জেল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ।

কাছাৰৰ ধলাইত কংগ্ৰেছৰ বিশাল গণ হুংকাৰ ৰেলি

বৃহস্পতিবাৰে কাছাৰ জিলাৰ ধলাই সমষ্টিত অনুষ্ঠিত হল কংগ্ৰেছৰ বিশাল জন হুংকাৰ ৰেলি ৷ এই জন হংকাৰ ৰেলিৰ মাধ্যমৰে বৰাকত নিৰ্বাচনী ৰণ ডংকা বজালে কংগ্ৰেছৰ কেন্দ্ৰীয় আৰু প্ৰদেশ নেতৃত্বই ৷ 2021 ত অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি দাবী কংগ্ৰেছী নেতাৰ ৷

মাৰ্ঘেৰিটাত গৃহস্থৰ বাৰাণ্ডাত উদ্ধাৰ উৱলি যোৱা মৃতদেহ

মাৰৰ্ঘেৰিটাত উদ্ধাৰ হৈছে এটা উৱলি যোৱা মৃতদেহ ৷ উল্লেখ্য যে,মৃতদেহ উদ্ধাৰ হোৱা ঘৰটোত প্ৰায় 15 দিন পৰ্যন্ত গৃহস্থ নাছিল ৷ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত বৰগোলাইৰ মহেশ্বৰ বৰুৱা নামৰ ব্যক্তিজনৰ ঘৰৰ বাৰাণ্ডাত এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ সমগ্ৰ অঞ্চলটোত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

দক্ষিণ শালমাৰাত পালন কৰা হয় বিশ্ব কৰ্কটৰোগ দিৱস

দক্ষিণ শালমাৰাৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰত বিশ্ব কৰ্কট দিৱস পালন । বিশ্ব কৰ্কটৰোগ দিৱস উপলক্ষে দক্ষিণ শালমাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আন্তৰ্গত কুশবাৰী,আইৰ কাটা,ৰাভাৰ চালা,ফলিমাৰী আদিকে ধৰি দহখন স্বাস্থ্য আৰু পৰিয়াল কল্যাণ কেন্দ্ৰত কৰ্কট ৰোগ সম্পৰ্কে সজাগতা সভাৰ লগতে স্বাস্থ্য পৰীক্ষা কৰা হয় ৷

কোকৰাঝাৰত অবৈধ অস্ত্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ ঘনিষ্ঠ তথা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ অধ্যক্ষ জনমোহন মুছাহাৰীৰ কোকৰাঝাৰস্থিত বাসভৱনত আৰক্ষীৰ অভিযান ৷ গোঁসাইগাঁৱৰ শৰাইবিল অঞ্চলত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ অধ্যক্ষগৰাকীৰ বাসভৱনত তালাচী চলায় ৷

বিজেপি দলৰ উন্নয়নক ৰাইজে কেতিয়াও নাপাহৰে: মন্ত্ৰী যোগেন মহন

মৰাণত ভূমি পট্টা বিতৰণ অনুষ্ঠানত ৰাজ্যত নতুনকৈ গঠন হোৱা ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দলক কটাক্ষ কৰি যোগেন মহনে কয়, ৰাইজৰ দল আৰু এজেপিক ৰাইজে কেনেদৰে গ্ৰহণ কৰিব সেয়া ৰাইজে বিবেচনা কৰিব । বিজেপি মিত্ৰজোঁট চৰকাৰখনে ৰাজ্যখনৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে যি কাম কৰিছে সেয়া ৰাইজে কেতিয়াও নাপাহৰে।

বিগত বৰ্ষত কংগ্ৰেছ দলে লাভ কৰিলে 139 কোটিৰো অধিক অনুদান

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কপীল চিবালৰ সৰ্বাধিক 3 কোটি টকাৰ অনুদানেৰে 2019-20 বৰ্ষত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে লাভ কৰিলে 139 কোটিৰো অধিক টকাৰ অনুদান ৷

ৰাজীৱ গান্ধীৰ হত্যাৰ গোচৰৰ দোষীক ক্ষমা প্ৰাৰ্থনাৰ কৰিব তামিলনাডুৰ ৰাজ্যপালে

ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাবন্দী হৈ থকা এ জি পেৰাৰিভালানে 2018 চনতে জনোৱা ক্ষমা প্ৰাৰ্থনাৰ বাবে তামিলনাডুৰ ৰাজ্যপালে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.