ETV Bharat / state

কৃষিৰ জৰিয়তে স্বাৱলম্বী টীয়কৰ ভাস্কৰ

বহিঃৰাজ্যলৈ কৰ্ম সংস্থাপন হিচাৰি যোৱাতকৈ নিজৰ ঘৰতে কৃষিৰ জৰিয়তে সকলোকে স্বাৱলম্বী হ'বলৈ নিৱনুৱা যুৱক যুৱতি সকলক আউনীহাটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পিতাম্বৰ দেৱ গোস্বামীয়ে অনুৰোধ জনালে ৷ লক্ ডাউনৰ এই মহা সংকটতৰ সময়ত এই পদ্ধতি অৱলম্বন কৰিলে সুফল পোৱা যাব বুলি সত্ৰাধিকাৰ গৰাকীয়ে উল্লেখ কৰে ৷

author img

By

Published : May 13, 2020, 12:43 PM IST

Youth farmer in jorhat teok
কৃষিৰ জৰিয়তে স্বাৱলম্বী টীয়কৰ ভাস্কৰ

টীয়ক, 13 মে' : লক্ ডাউনৰ মাজতো টীয়কৰ হাঁহচৰা অঞ্চলৰ উদ্যোমী যুৱক ভাস্কৰ হাজৰিকাই প্ৰায় 10 বিঘা ভূমিত পাঁচ হাজাৰ জোপা ভোঁট জলকীয়া, তিনিশ জোপা নেমুটেঙাকে ধৰি বিভিন্ন শাক-পাচলিৰ খেতি কৰি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে ৷ টীয়কৰ কলিয়াপানীস্থিত আউনীআটী সত্ৰৰ ভূমিখণ্ডত সত্ৰাধিকাৰ ডঃ পিতাম্বৰ দেৱ গোস্বামীৰ আহ্বানত যুৱকজনে এই খেতি কৰি স্বাৱলম্বী হোৱা বুলি সত্ৰাধিকাৰ গৰাকীয়ে উল্লেখ কৰিলে ৷

কৃষিৰ জৰিয়তে স্বাৱলম্বী টীয়কৰ ভাস্কৰ

লগতে সত্ৰাধিকাৰ গৰাকীয়ে আকৌ কয় যে, লক্ ডাউনৰ ফলত ব্যক্তিগত খণ্ডত নিয়োজিত যুৱক যুৱতীসকল এতিয়া কৰ্ম সংকটত পৰিছে । কিন্তু অসম যিহেতু কৃষি প্ৰধান ৰাজ্য সেয়ে প্ৰতিজন যুৱক যুৱতীয়ে নিজৰ বাৰীতে সাধ্য অনুসৰি কৃষিকৰ্মত নিজকে নিয়োগ কৰিলে এই বিপদৰ সময়ত সকাহ পাব পাৰিব ৷

কৃষিৰ জৰিয়তে স্বাৱলম্বী টীয়কৰ ভাস্কৰ

লগতে কৰ্ম সংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ যোৱাৰ পৰিৱৰ্তে নিজৰ কৃষি ভূমিত কৃষিৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ সত্ৰাধিকাৰ গৰাকীয়ে সকলোকে আহ্বান জনালে ৷

লগতে পঢ়ক : এখন হাস্যমধুৰ চুটি ছবি 'কৰ'ণাসুৰ'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.