ETV Bharat / state

মাইক্ৰ'ফাইনেঞ্চ প্ৰতিষ্ঠানৰ বিৰুদ্ধে যোৰহাটত তীব্ৰ প্ৰতিবাদ

যোৰহাটৰ মহিলা কল্যাণ উন্নতি অসমৰ উদ্যোগত মঙলবাৰে শতাধিক মহিলাই মাইক্ৰ’ফাইনেঞ্চ প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ যোৰহাটৰ বিস্তুৰাম বৰুৱা হ'লৰ পৰা মহিলাসকলে এক প্ৰতিবাদী সমদল উলিয়াই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷

author img

By

Published : Feb 4, 2020, 6:28 PM IST

women protest against microfinance at Jorhat
মাইক্ৰ'ফাইনেঞ্চ প্ৰতিষ্ঠানৰ বিৰুদ্ধে যোৰহাটত তীব্ৰ প্ৰতিবাদ

যোৰহাট, 4 ফেব্ৰুৱাৰীঃ সময়ে সময়ে গাঁৱৰ মহিলাসকলৰ পৰা প্ৰৱঞ্চনাৰে ধন সৰকোৱাৰ লগতে ধন পৰিশোধৰ বাবে হেঁচা প্ৰয়োগৰ বাবে মাইক্ৰ’ফাইনেঞ্চ প্ৰতিষ্ঠানৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাজ্যৰ মহিলাসকল ৷ মাইক্ৰ'ফাইনেঞ্চৰ এজেন্টে গাঁৱৰ মহিলাসকলক প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰি মঙলবাৰে যোৰহাটত মাইক্ৰ'ফাইনেঞ্চ প্ৰতিষ্ঠান সমূহৰ বিৰুদ্ধে সৰৱ হৈ পৰে শতাধিক মহিলা ৷ মহিলা কল্যাণ উন্নতি অসমৰ উদ্যোগত গাঁৱৰ সহজ সৰল মহিলাসকলক ঋণৰ নামত প্ৰবঞ্চনা কৰাৰ লগতে ঋণ পৰিশোধৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে মহিলাসকলে ৷ উল্লেখ্য যে, মাইক্ৰ’ফাইনেঞ্চ এজেন্টে গাঁৱৰ সহজ সৰল মহিলাসকলক ৩০ হাজাৰ টকাৰ ঋণ লৈ হিতাধিকাৰীসকলক প্ৰদান কৰিছে 3 হাজাৰ টকা ৷ যাৰ ফলত মহিলাসকলে ঋণৰ নামত পৰিশোধ কৰিবলগীয়া হৈছে অত্যধিক 45 হাজাৰ টকা ৷

মঙলবাৰে যোৰহাটৰ বিস্তুৰাম বৰুৱা হ'লৰ পৰা মহিলাসকলে এক প্ৰতিবাদী সমদল উলিয়াই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ যদিহে জিলা প্ৰশাসনে মাইক্ৰ'ফাইনেঞ্চ প্ৰতিষ্ঠান সমূহ বন্ধ কৰি নিদিয়ে তেনেহ’লে পৰৱৰ্তী সময়ত প্ৰতিষ্ঠান সমূহৰ কাৰ্য্যালয়ৰ ভাঙি পেলোৱাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷ আনহাতে, এই মাইক্ৰ’ফাইনেঞ্চ প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে থকা অভিযোগ সম্বলিত এক স্মাৰক পত্ৰও জিলা উপায়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক-অভিভাৱক বিহীন হ'ল শিৱসাগৰবাসী

Intro:গাঁৱলৈ গ'লেই মাধমাৰ সুধোৱা হ'ব মাইক্ৰ'ফাইনেঞ্চৰ এজেন্টক। Body:*SLUG: JORHAT WOMEN PROTEST AGAINST MICRO FINANCE COMPANIES*

এজেন্টে গাঁৱৰ সহজ সৰল মহিলাসকলক ৩০ হাজাৰ টকাৰ ঋণ লৈ হিতাধিকাৰিক কেৱল দিছে ৩ হাজাৰ টকা।

এতিয়া মহিলাসকলে ঋণৰ নামত পৰিশোধ কৰিবলগীয়া হৈছে ৪৫ হাজাৰ টকা।

মাইক্ৰ'ফাইনেঞ্চৰ এজেন্টে গাঁৱৰ সহজ সৰল মহিলাসকলক প্ৰবঞ্চনা কৰাৰ অভিযোগ তুলি আজি যোৰহাটত মাইক্ৰ'ফাইনেঞ্চ প্ৰতিষ্ঠান সমূহৰ বিৰুদ্ধে সৰৱ হৈ পৰে শতাধিক মহিলা। মহিলা কল্যাণ উন্নতি, অসমৰ উদ্যোগত গাঁৱৰ সহজ সৰল মহিলাসকলক ঋণৰ নামত প্ৰবঞ্চনা কৰাৰ লগতে ঋণ পৰিশোধৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগ আনি এক ধৰ্ণা কাৰ্য্য সূচী ৰূপায়ণ কৰে। যোৰহাটৰ বিস্তুৰাম বৰুৱা হলৰ পৰা মহিলা এক প্ৰতিবাদী সমদল বাহিৰ কৰি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। যদিহে অতি সোনকালে জিলা প্ৰশাসনে মাইক্ৰ'ফাইনেঞ্চ প্ৰতিষ্ঠান সমূহ বন্ধ কৰি নিদিয়ে তেনেহ'লে মাইক্ৰ'ফাইনেঞ্চ প্ৰতিষ্ঠান সমূহৰ কাৰ্য্যালয়ৰ ভাঙি পেলোৱাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰী মহিলা সকলে।
Conclusion:আনহাতে এই সমগ্র ঘটনা সম্বলিত এক স্মাৰক পত্ৰও যোৰহাট জিলা উপায়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰে।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.