তিতাবৰ, 7 এপ্ৰিল : গোলাঘাট জিলাৰ মেৰাপানীৰ ভেলৌগুৰি জয়পুৰ গাঁৱত মঙলবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড । স্বামীয়ে কেৰচিন তেল ঢালি নিজ পত্নীক জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ পাৰিবাৰিক কন্দলৰ পৰিণতিতে ফুকন বৰা নামৰ লোকজনে নিশাৰ ভাগত পত্নী ইলাচি বৰাক কেৰাচিন ঢালি জ্বলাই দিয়া বুলি জানিব পৰা গৈছে ৷
অভিযোগ অনুসৰি, পতি-পত্নীৰ মাজত হোৱা বাক-বিতণ্ডাই শেষত ভয়ংকৰ ৰূপ ধাৰণ কৰে । খঙত অগ্নিশৰ্মা হৈ কেৰাচিন তেল পত্নীৰ দেহত ঢালি দি পত্নীক হত্যাৰ চেষ্টা চলায় স্বামী ফুকন বৰাই । বুধবাৰে পুৱাৰ ভাগত হত্যাকাণ্ডৰ খবৰ বিয়পি পৰাৰ লগে লগে স্থানীয় লোকসকলে ক্ষোভিত হৈ এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে অভিযুক্ত ফুকন বৰাৰ বাসগৃহৰ চৌহদত । পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত আৰক্ষী আৰু চিআৰপিএফ জোৱান উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।
ঘটনাৰ পাচতে পৰিয়ালৰ লোকে ততাতৈয়াকৈ অগ্নিদগ্ধ ইলাচী বৰাক প্ৰথমে মেৰাপানীৰ চিকিৎসালয় আৰু তাৰ পাচত সংকটজনক অৱস্থাত যোৰহাট মেডিকেল কলেজ হাস্পাতললৈ নিয়ে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়াৰ পৰামৰ্শ দিয়ে । কিন্তু ডিব্ৰুগড়ৰ চিকিৎসালয়লৈ নিয়াৰ পৰিৱৰ্তে সংকটজনক অৱস্থাত মহিলাগৰাকীক পৰিয়ালৰ লোকে ঘৰলৈহে উভতাই নিয়ে । অৱশেষত নিজ বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে অগ্নিদগ্ধ মহিলা গৰাকীয়ে ।
অভিযুক্ত ফুকন বৰাই হত্যা কৰাৰ কথা অস্বীকাৰ কৰিছে যদিও স্থানীয় লোকসকলে পত্নীক জ্বলাই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে । ঘটনা সন্দৰ্ভত ইতিমধ্যে অভিযুক্ত ফুকন বৰাক আটক কৰিছে আৰক্ষীয়ে ।
লগতে পঢ়ক : ভূৰাগাঁৱত ড্ৰাগছসহ দুই যুৱকক আটক