ETV Bharat / state

বেংগলী সংগঠনৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদ বীৰ লাচিত সেনাৰ - উত্তাল প্ৰতিবাদ

যোৰহাটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনা অসমে ৷ প্ৰদীপ দত্ত ৰয়, দিপক দে, শ্যামল চৰকাৰৰ গ্ৰেপ্তাৰৰ দাবীত এই প্ৰতিবাদ বীৰ লাচিত সেনাৰ ৷

Protest against Bengali organisation in Jorhat veer lachit sena
বেংগলী সংগঠনৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদ বীৰ লাচিত সেনাৰ
author img

By

Published : Sep 2, 2021, 8:11 PM IST

যোৰহাট, 2 ছেপ্টেম্বৰ : প্ৰদীপ দত্ত ৰয়, দিপক দে, শ্যামল চৰকাৰৰ গ্ৰেপ্তাৰৰ দাবীত বৃহস্পতিবাৰে যোৰহাটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনা, অসমে ৷ বীৰ লাচিত সেনাৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷

যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ শৃংখল চলিহাই কয়, অসমত জয় বাংলা নচলিব, চলিব মাথো জয় আই অসম ৷ জাতি, মাটি, দেশৰ স্বাৰ্থত বীৰ লাচিত সেনাৰ প্ৰতিজন কৰ্মীয়ে গুণ্ডা ৷ শিৱসাগৰ সেই বিধৱা মহিলা গৰাকীৰ ওচৰলে গলেই সকলোৱে চকুলো টুকিব ৷

লগতে পঢ়ক: ন-বিজেপিৰ ভৰত ভাৰাক্ৰান্ত দল; পুনৰ বঞ্চিত হ’ব পুৰণি বিজেপি নেতা

অসমৰ মাটিত এগৰাকী অনা-অসমীয়া ব্যৱসায়ীৰ মইমতালি কোনেও সহিব নোৱাৰে ৷ গতিকে জাতি, মাটি, দেশৰ স্বাৰ্থত সকলোকে ৰাজপথলৈ উলাই আহিবলৈ আহ্বান জনাই বীৰ লাচিত সেনাৰ সাংঠনিক সম্পাদক শৃংখল চলিহাই ৷

বেংগলী সংগঠনৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদ বীৰ লাচিত সেনাৰ

উল্লেখ্য যে, শিৱসাগৰৰ এগৰাকী বিধৱা মহিলাৰ দোকান ঘৰ এগৰাকী বেংগলী সম্প্ৰদায়ৰ ব্যৱসায়ীয়ে মইমতালিৰে দখল কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ সেই অভিযোগৰ পাচতে ব্যৱসায়ী গৰাকীক দখলীকৃত দোকান ঘৰ এৰি দিবলৈ সকিয়নী প্ৰদান কৰিছে বীৰ লাচিত সেনাৰ নেতৃত্বই ৷

এই ঘটনাৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বেংগলী ফেডাৰেচনকে ধৰি কেইবাটাও বেংগলী সংগঠনে ৷ তদুপৰি বেংগলী ফেডাৰেচনে বেংগলী আৰু অসমীয়াৰ মাজত বিভেদ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰি শৃংখল চলিহাৰ বিৰুদ্ধে থানাত এজাহাৰো দাখিল কৰিছিল ৷

লগতে পঢ়ক: মহিলা ক্ৰিকেটাৰৰ ক্ষেত্ৰত অনমনীয়; পুৰুষ ক্ৰিকেটাৰক বিদেশ ভ্ৰমণৰ সেউজ সংকেট তালিবানৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.