ETV Bharat / state

যোৰহাটৰ বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা(স্বা)ৰ - বোমা বিস্ফোৰণ

14 ডিচেম্বৰত সন্ধিয়া 7.21 বজাত যোৰহাটৰ লিচুবাৰীত ভাৰতীয় সেনা বাহিনীৰ 41 নং উপ-অঞ্চল শিবিৰৰ চৌহদত সংযুক্ত মুক্ত বাহিনী অসম (স্বাধীন) সংগঠনে এটা সামৰিক অভিযান ৰূপায়ণ কৰে ৷ এই অভিযানৰ উদ্দেশ্য থলগিৰি অথবা অসম আৰক্ষীক আতংকিত কৰা নহয় ৷ এই অভিযান ঔপনিৱেশিকতাবাদৰ বিৰুদ্ধেহে ৷ এয়া আলফা(স্বা)ৰ মন্তব্য ৷

Jorhat bomb blast
যোৰহাটৰ বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা (স্বা) ৰ
author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 11:50 AM IST

যোৰহাটৰ বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা (স্বা) ৰ

যোৰহাট, 15 ডিচেম্বৰ : যোৰহাটৰ বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা(স্বা)ৰ ৷ বৃহস্পতিবাৰে নিশা যোৰহাট জিলাৰ লিচুবাৰীস্থিত সেনাবাহিনীৰ 41 চাব এৰিয়া চাউনীৰ ন আলি দিশৰ মূল প্ৰৱেশ দ্বাৰৰ ভিতৰত বাইকত অহা দুজনীয়া দুৰ্বৃত্তই গ্ৰেনেড নিক্ষেপ কৰে ৷ ইয়াৰ পিচতে সেনা বাহিনীৰ মূল চাউনীৰ প্ৰৱেশ দ্বাৰত প্ৰচণ্ড বিস্ফোৰণ হয় ৷ এই বিস্ফোৰণৰ শব্দই কঁপাি তোলে সমগ্ৰ অঞ্চলটো ৷ ফলত সমগ্ৰ জিলাখনত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷

এই বিস্ফোৰণৰ ঘটনাৰ পিচতে সমস্ত ঘটনাৰ উৎস বিচাৰি শুকুৰবাৰে পুৱতি নিশা পৰ্যন্ত সেনা শীৰ্ষ বিষয়াই বৈঠকত মিলিত হয় ৷ ইয়াৰ মাজতে শুকুৰবাৰে আলফা (স্বাধীন) এ এক প্ৰেছ বিবৃত্তিযোগে এই বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰে ৷

প্ৰেছ বিবৃত্তিখনত উল্লেখ কৰে যে, যোৱা 14 ডিচেম্বৰত সন্ধিয়া 7.21 বজাত যোৰহাটৰ লিচুবাৰীত ভাৰতীয় সেনাবাহিনীৰ 41 নং উপ-অঞ্চল শিবিৰৰ চৌহদত সংযুক্ত মুক্ত বাহিনী অসম (স্বাধীন) সংগঠনৰ দ্বাৰা এটা সামৰিক অভিযান ৰূপায়ণ কৰে ৷ এই অভিযানৰ উদ্দেশ্য থলগিৰি অথবা অসম আৰক্ষীক আতংকিত কৰা নহয় ৷ এই অভিযান ঔপনিৱেশিকতাবাদৰ বিৰুদ্ধেহে ৷ গতিকে থলগিৰি জনতা আতংকিত হোৱাৰ কোনো কাৰণ নাই ৷

ইফালে সংবাদ মাধ্যমক পুৱতি নিশা পৰ্যন্ত ঘটনাস্থলীত অপেক্ষা কৰাই আৰক্ষী তথা প্ৰশাসনৰ লোকে পিচ দুৱাৰেদি পলায়ন কৰাৰ লজ্জানত ঘটনা সংঘটিত হৈছে । এই মুহূৰ্তলকৈ যোৰহাট আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কোনোধৰণৰ মন্তব্য বা প্ৰতিক্ৰিয়া প্ৰদান কৰা নাই ।

তাৎপৰ্যপূৰ্ণ যে, যোৰহাটৰ বৰ্তমান আইন-শৃংখলা পৰিস্থিতি দিনক দিনে অৱনতি হ'বলৈ ধৰিছে ৷ ডকাইতি, চোৰৰ পৰা বোমা বিস্ফোৰণৰ ঘটনাই আৰক্ষী ব্যৱস্থাৰ ব্যৰ্থতা ছবিখনহে পোহৰাই তুলিছে ৷ সচেতন মহলৰ মতে, আৰক্ষীয়ে জনসাধাৰণক নিৰাপত্তা দিয়াত চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ দীৰ্ঘদিনিয়া অভিযোগ সঁচা হোৱাৰ পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: আছুত থকা অপশক্তি কোন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.