ETV Bharat / state

গৰু নহয় এইবাৰ কুকুৰ চোৰৰ আতংক - dog market

যোৰহাটত এতিয়া উদ্ভৱ হৈছে কুকুৰ চুৰিৰ নতুন সমস্যা ৷ কুকুৰ চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত বন্দী হৈছে চোৰ ৷ কেইবাটাও চুৰি কুকুৰ সহ ৰাইজে আটক কৰিছে তিনিটা চোৰক ৷

jorhat police
jorhat police
author img

By

Published : Nov 28, 2020, 12:56 PM IST

যোৰহাট, 28 নৱেম্বৰ : ৰাজ্যজুৰি গৰু চোৰে ব্যাপক সমস্যাৰ ৰূপ লোৱাৰ মাজতে যোৰহাটত এতিয়া উদ্ভৱ হৈছে কুকুৰ চুৰিৰ সমস্যা ৷ কুকুৰ চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত বন্দী হৈছে চোৰ ৷ কেইবাটাও চুৰি কুকুৰ সহ ৰাইজে আটক কৰিছে তিনিটা চোৰক ৷

শুকুৰবাৰে চিনামৰা আৰক্ষীয়ে ৰাইজৰ সহযোগত বাইক সহ আটক কৰিবলৈ সক্ষম হয় এই তিনি কুকুৰ চুৰক । ৰাইজৰ অভিযোগ আছিল যে, বিগত কিছু দিন ধৰি যোৰহাটৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায়ে নাইকিয়া হৈছিল পোহনীয়া তথা পদপথত ঘূৰি ফুৰা কুকুৰ । কিন্তু শুকুৰবাৰে দিন বেয়া আছিল তিনি কুকুৰ চোৰৰ । কুকুৰ নিবলৈ আহোতেই ৰাইজে হাতে-লোটে ধৰি আৰক্ষীক গতাই দিয়ে তিনি চোৰক । ইতিমধ্যে ৰাইজে এজাহাৰৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনি কুকুৰ চোৰক ।

গৰু নহয় এইবাৰ কুকুৰ চোৰৰ আতংক

দীৰ্ঘদিন ধৰি গৰু চুৰি চক্ৰই ৰাইজক জলা কলা খুৱাই অহাৰ পাচত এইবাৰ যোৰহাটবাসীক ভূতৰ ওপৰত দাহ পৰাদি লগ দিছে কুকুৰ চোৰৰ সমস্যাই ৷ আটকাধীন যুৱকদ্বয়ে কাবলৈ কুকুৰ কেইটা চুৰি কৰা বুলি জনাইছে যদিও আৰক্ষীৰ তদন্ত অন্ততহে জানিব পৰা যাব কি উদ্দেশ্যেৰে এইদৰে চুৰি কৰা হৈছে কুকুৰবোৰ ৷

লগতে পঢ়ক : অনলাইনযোগে গুৱাহাটীৰ গ্ৰাহকে পাব হীৰাৰ আ-অলংকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.