টীয়ক, 12 অক্টোবৰ : যোৰহাট জিলাৰ টীয়কৰ এটা পৰিয়ালৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান ৷ চিকিৎসাৰ বাবে সহায় বিচাৰি মন্ত্ৰীগৰাকীক সহায় বিচাৰিছে পৰিয়ালটিয়ে ৷
তথ্য অনুসৰি, টীয়কৰ জাঁজীমুখৰ ভকত গাঁৱৰ কৃষ্ণ হাজৰিকাৰ নামৰ এগৰাকী ব্যক্তিৰ দ্বিতীয় পুত্ৰ হিমাংকু হাজৰিকা এতিয়া শস্যাশায়ী । 14 বছৰীয়া হিমাংকুৰ 2019 বৰ্ষৰ জুলাই মাহত এটি জটিল অপাৰেচন কৰা হৈছিল যদিও পুনৰ সেই একেই জটিল ৰোগে দেখা দিছে 14 বছৰীয়া যুৱকজনক ।
দিন হাজিৰা কৰি কোনোমতে খাই থকা পৰিয়ালটিয়ে পুত্ৰৰ চিকিৎসাৰ নামত ইতিমধ্যে সাচঁতীয়া টকা, মাটি-বাৰী সকলো বন্ধকত দি চিকিৎসাৰ ব্যয় যোৰা মাৰিব পৰা নাই ৷ ইফালে, চিকিৎসকে শীঘ্ৰে গুৱাহাটীত অস্ত্ৰোপচাৰ কৰিবলৈ পৰামৰ্শ দিছে কিন্তু অৰ্থৰ অভাৱত থমকি ৰব লগা হৈছে পৰিয়ালটো ৷ সেয়ে উপায়বিহীন হৈ পৰিয়ালটিয়ে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী গৰাকীৰ পৰা কিছু সহায় বিচাৰিছে ৷ আনহাতে, কোনো সদাশয় ব্যক্তিয়ে যদি পৰিয়ালটিক সহায় কৰিব বিচাৰে তেন্তে ভাৰতীয় ষ্টেট বেংকৰ টীয়ক শাখাৰ একাউন্ট 33202088461 নন্বৰ, IFSC CODE-SBIN0001718 অথবা 98543-84422 নম্বৰত যোগাযোগ কৰিবলৈ অসহায় পিতৃয়ে অনুৰোধ জনাইছে ।
লগতে পঢ়ক : দক্ষিণ শালমাৰাত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা