টীয়ক,28 জুলাইঃ যোৰহাট জিলাৰ টীয়কৰ বৰালিমৰাত বিকল হৈ পৰা শ্লুইছ গেটে টীয়কৰ ঘোৰাচঁৰাকে ধৰি বৃহৎ অঞ্চলতোৰ ৰাইজক জীয়াতু ভূগাইছে। জলসম্পদ বিভাগৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবে বহু বছৰ বিকল হৈ থকা এই শ্লুইছ গেটখনে এতিয়া কৃষিজীৱী ৰাইজৰ লগতে বৃহত্তৰ ঘোৰাচঁৰা অঞ্চলৰ বাবে অভিশাপ স্বৰূপ হৈ পৰিছে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ।
উল্লেখযোগ্য যে, অঞ্চলটোৰ প্ৰায়বোৰ লোকৰে ঘৰ বিগত এমাহ ধৰি পানীৰ তলত থকাৰ লগতে যাতায়তৰ একমাত্ৰ গড়কপ্তানি পথটোও পানীৰ কবলত ৷ প্লাৱিত হৈ পৰিছে বিস্তৃৰ্ণ কৃষিভূমি । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে টীয়কৰ বিভিন্ন স্থানৰ লগতে বুৰাই পেলাইছে ঘোৰাচঁৰা অঞ্চলটো । নদীৰ জলপৃষ্ঠ ক্ৰমে হ্ৰাস পোৱাত অন্যান্য স্থানত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ঘোৰাচঁৰা অঞ্চলৰ পৰা পানী ওলাই যোৱাৰ পথ সুগম নোহোৱাত প্ৰায় এমাহ ধৰি অঞ্চলবাসী জলবন্দী হৈ থাকিব লগা হৈছে ।
উল্লেখযোগ্য যে, এই বানত অঞ্চলটোৰ মৎস্যপালক সকল বৃহৎ লোকচানৰ সন্মুখীন হৈছে । গাঁঠিৰ ধন ভাঙি ঘৰে-ঘৰে থকা পুখুৰী সমূহত মাছৰ পোনা মেলিছিল যদিও সেইসমূহ বাঢ়নী পানীত ওলাই গ'ল । তদুপৰি কৃষি ভূমি সমূহ এতিয়াও পানীৰ তলত থকাত আগন্তুক দিনত কৃষি কাৰ্য আৰম্ভ কৰিব পাৰিব নে নাই সেইয়াও অনিশ্চিতাই দেখা দিছে । ইপিনে ঘৰ, ভেটি পানীৰ তলত থকাত পথৰ ওখ স্থানত পশুধনৰে সহৱস্থান কৰিব লগা হৈছে বানাক্ৰান্তই । উপায়ন্তৰ হৈ চৰকাৰ প্ৰশাসনক স্থানীয় ৰাইজে অতি শ্ৰীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷
লগতে পঢ়কঃ দেশৰ প্ৰথম ত্ৰিৰংগা উত্তোলিত থানাখন সংৰক্ষণৰ ব্যৱস্থা প্ৰত্নতত্ত্ব বিভাগৰ