ETV Bharat / state

পূজাৰ বতৰত ড্ৰাগছৰ পয়োভৰ ৰাজ্যত

author img

By

Published : Oct 12, 2021, 9:44 PM IST

পূজাৰ বতৰত টীয়কত যুৱকৰ হাতত ড্ৰাগছ ৷ বীৰ লাচিত সেনাৰ সদস্যৰ সহযোগত যুৱকক আৰক্ষীৰ হাতত গতাই দিলে ৰাইজে ৷

teok-drugs-case
পূজাৰ বতৰত ড্ৰাগছৰ পয়োভৰ ৰাজ্যত

টীয়ক, 12 অক্টোবৰ : যোৰহাট জিলাৰ লাহদৈগড় আৰক্ষী থানাৰ অন্তৰ্গত চিপাহীখোলা অঞ্চলৰ পৰা সন্দেহজনক ব্ৰাউন চুগাৰসহ দুই যুৱকক ৰাইজে আটক কৰি আৰক্ষীক চমজাই দিয়ে । জানিব পৰা মতে, বীৰ লাচিত সেনাৰ সদস্যই ৰাইজৰ সহযোগত হাতেলোটে উক্ত ড্ৰাগছ চক্ৰৰ লগত জড়িত যুৱকদ্বয়ক ধৰি আৰক্ষীক খবৰ দিয়ে । খবৰ লাভ কৰি লাহদৈগড় আৰক্ষীয়ে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ যুৱকদ্বয়ক থানালৈ লৈ যায় ।

আটকাধীন যুৱকদ্বয় ক্ৰমে চফিকুল হুছেইন আৰু প্ৰশান্ত হাজৰিকা বুলি জানিব পৰা গৈছে । ইয়াৰ লগতে আৰক্ষীয়ে AS 03N 4126 নম্বৰৰ স্কুটি‌ এখনো জব্দ কৰিছে । যুৱক দুজনৰ পকেটত ওলাইছে প্ৰায় ৪ গ্ৰাম সন্দেহজনক ব্ৰাউন চুগাৰ । এই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।
পূজাৰ বতৰত টীয়কত এতিয়া এইদৰে যুৱকৰ হাতত ড্ৰাগছ লাভৰ খবৰে উত্তেজনাৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷

লগতে পঢ়ক : 18 অক্টোবৰৰ পৰা 100 শতাংশ যাত্ৰীৰে উৰা মাৰিব ঘৰুৱা বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.