ETV Bharat / state

ইছলাম ধৰ্ম এৰি সপৰিয়ালে হিন্দু ধৰ্ম গ্ৰহণ কৰিলে ফিৰোজ আলীয়ে

টীয়কৰ জগদুৱাৰ হাবি গাঁৱৰ ফিৰোজ আলীয়ে বসবাস কৰা অঞ্চলতোত কোনো ধৰণৰ মুছলমান সম্প্ৰদায়ৰ পৰিয়াল নথকাত প্ৰথম পৰ্যায়ত সামাজিকভাৱে চলাচল কৰাত কিছু অসুবিধা হৈছিল ৷ সময় বাগৰাৰ লগে লগে হিন্দু সমাজকে নিজৰ বুলি গ্ৰহণ কৰি আহিছিল পৰিয়ালটোৱে।

author img

By

Published : Oct 15, 2020, 10:13 PM IST

Teok convert religion
টীয়কত ইছলাম ধৰ্ম এৰি হিন্দু ধৰ্ম গ্ৰহণ এটা পৰিয়ালৰ

টীয়ক,15 অক্টোবৰঃ যি সময়ত ধৰ্মান্তৰকৰণৰ নামত হিন্দু ধৰ্মাৱলম্বী লোকে ইছলাম, খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা দেখা গৈছে তেনে সময়ত টীয়কত ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিলে টীয়কৰ জগদুৱাৰ হাবি গাঁৱৰ ফিৰোজ আলীৰ শিশু সহ মুঠ ৯ জনীয়া পৰিয়ালটোৱে । পৰিয়ালটোৱে অৱগত কৰা মতে আজি পৰা প্ৰায় ৪০ বছৰৰ পূৰ্বে কৰ্মসূত্ৰে নামনি অসমৰ নলবাৰীৰ পৰা আহি টীয়ক অঞ্চলতে বসৱাস কৰি আহিছিল ৷ পৰৱৰ্তী সময়ত হিন্দু ধৰ্মৰ এগৰাকী মহিলাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ ইয়াত স্থায়ীভাৱে বসবাস কৰে ফিৰোজ আলী। কিন্তু উক্ত অঞ্চলত কোনো ধৰণৰ মুছলমান সম্প্ৰদায়ৰ পৰিয়াল নথকাত প্ৰথম পৰ্যায়ত সামাজিকভাৱে চলাচল কৰাত কিছু অসুবিধা হৈছিল যদিও সময় বাগৰাৰ লগে লগে হিন্দু সমাজকে নিজৰ বুলি গ্ৰহণ কৰি আহিছিল পৰিয়ালটোৱে ।

উল্লেখযোগ্য যে, যোৱা ৪০ টা বছৰে মুছলমান সমাজৰ কোনো ধৰণৰ উৎসৱ পাৰ্বন উদযাপনৰ পৰিবৰ্তে হিন্দু সমাজৰ ৰীতি-নীতি তথা উৎসৱহে উদযাপন কৰি আহিছে । বৃহস্পতিবাৰে যোৰহাট আদালতত ফিৰোজ আলীয়ে তেওঁ দুজন পুত্ৰ, বোৱাৰী আৰু চাৰিটাকৈ নাতি সহ অৰ্জুন তালুকদাৰলৈ নাম , উপাধি সলনি কৰাৰ লগতে আন সদস্যসকলেও নাম আৰু উপাধি পৰিৱৰ্তন কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিছে ।

লগতে পঢ়কঃ মৰাণ জাতীয় বিদ্যালয়ৰ বিৰুদ্ধে অভিভাৱকৰ ক্ষোভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.