ETV Bharat / state

খাদ্য নলীৰ জটিল ৰোগত আক্ৰান্ত টিয়কৰ এটি কণমানি - ভাৰতীয় ষ্টেট বেংক

টিয়কৰ অন্তৰ্গত বনাইৰ ৰবি বৰুৱা গাঁৱৰ এটি কণমানি শিশু আক্ৰান্ত খাদ্য নলীত হোৱা কোনো জটিল ৰোগত ৷ শিশুটিৰ চিকিৎসাৰ নামত বহু টকা ব্যয় কৰি এতিয়া সৰ্বস্বান্ত পৰিয়ালটো ৷

টিয়কৰ এটি কণমানি
টিয়কৰ এটি কণমানি
author img

By

Published : Feb 11, 2020, 6:57 PM IST

টিয়ক, 11 ফেব্ৰুৱাৰীঃ পখিলা খেদা বয়সতে এক জটিল ৰোগত আক্ৰান্ত হয় যোৰহাটৰ অন্তৰ্গত টিয়ক বনাইৰ ৰবি বৰুৱা গাঁৱৰ এটি কণমানি শিশু ৷ ৰঞ্জন বৰুৱা আৰু মঞ্জু বৰুৱাৰ দ্বিতীয় সন্তান কংকণা বৰুৱা নামৰ ৩ বছৰীয়া শিশুটি আক্ৰান্ত খাদ্য নলীত হোৱা কোনো জটিল ৰোগত ৷ ৰোগাগ্ৰস্ত শিশুটিক সুস্থ কৰি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে পৰিয়ালৰ লোকে ৷ কিন্তু শিশুটিৰ চিকিৎসাৰ নামত বহু টকা ব্যয় কৰি এতিয়া সৰ্বস্বান্ত পৰিয়ালৰ লোক ৷

খাদ্য নলীৰ জটিল ৰোগত আক্ৰান্ত টিয়কৰ এটি কণমানি

ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে কণমানি জনীক দিল্লী AIMS লৈ প্ৰেৰণৰ পৰামৰ্শ প্ৰদান কৰিছে যদিও, আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ ওচৰত চিকিৎসাৰ বাবে নাই পৰ্যাপ্ত ধন ৷ সেয়েহে এতিয়া অসহায় পৰিয়ালটোৱে বিচাৰিছে কোনো লোকৰ সহায়ৰ হাত ৷ পৰিয়ালটোক সহায় কৰিবলৈ ইচ্ছুক কোনো লোকে ভাৰতীয় ষ্টেট বেংকৰ 32853124213 নম্বৰৰ একাউন্ট (IFSC. Code SBIN0009193)ত কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰি এই পৰিয়ালটোক তেওঁলোকৰ বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰে ৷ অথবা যোগাযোগ কৰিব পাৰে 8811909542 নম্বৰত ৷

লগতে পঢ়ক ঃ মৰিগাঁৱৰ এটা পৰিয়ালৰ কৰুণ গাঁথা

Intro:Body:পখিলা খেদা বয়সত গুৰুত্বৰ ভাবে অসুস্থ শিশু/আৰ্থিক সহায় বিছাৰিছে দুখীয়া পৰিয়ালটিয়ে
TEOK: যোৰহাট জিলাৰ টীয়ক বনাইৰ ৰবি বৰুৱা গাঁৱৰ ৰঞ্জন বৰুৱা আৰু মঞ্জু বৰুৱাৰ দ্বিতীয় সন্তান কংকণা বৰুৱা নামৰ ৩ বছৰীয়া শিশুটি জটিল ৰোগত আক্ৰান্ত।পখিলা খেদাৰ বয়সত কণমানিজনীৰ জীৱনলৈ আহিল এক কাল ধুমুহা।মুহূৰ্ততে সপোন ভাগি পৰিল পৰিয়ালটোৰ । খাদ‍্য নলীত হোৱা এক গুৰুত্বৰ ৰোগত আক্রান্ত কণমানিজনী।নিজ সন্তানক সুস্থ কৰি তুলিবলৈ চিকিৎসা ব্যয় বহন কৰি এতিয়া পৰিয়ালটো সর্বস্ৰান্ত।ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে বৰ্তমান কণমানি জনীক উন্নত চিকিৎসা গ্ৰহণৰ বাবে দিল্লী aiims লৈ প্ৰেৰণ কৰাৰ পৰামৰ্শ দিছে।কিন্তু এই চিকিৎসাৰ বাবে বহু টকাৰ আৱশ্যক হোৱাত দুখীয়া দুৰ্ভগীয়া পৰিয়ালটোৱে এতিয়া দিক বিদিশ হেৰুৱাই পেলাইছে। সেয়ে পৰিয়ালটোৱে এতিয়া বিচাৰিছে সহৃদয় ৰাইজৰ সহায়ৰ হাত। ইচ্ছুক সকলে ভাৰতীয় ষ্টেট বেঙ্কত থকা 32853124213 নম্বৰৰ একাউন্ট(IFSC. Code SBIN0009193)ত আৰ্থিক ভাবে শিশুটোৰ পৰিয়ালক সহায় কৰি এই বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰে অথবা 8811909542 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালটোৱে।
Byte:মাতৃConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.