ETV Bharat / state

টীয়কত বৃক্ষৰোপণৰ লগতে সজাগতা সভা - বৃক্ষৰোপণ

টীয়কত জলবায়ু পৰিৱৰ্তন,মহিলা সৱলীকৰণ আৰু স্বাস্থ্য সন্দৰ্ভত সজাগতা শিৱিৰ

টীয়কত বৃক্ষৰোপণৰ লগতে সজাগতা সভা
author img

By

Published : Jul 2, 2019, 8:50 PM IST

টীয়ক,২ জুলাইঃ টীয়কত মঙলবাৰে জলবায়ু পৰিৱৰ্তন , মহিলা সৱলীকৰণ আৰু স্বাস্থ্য সন্দৰ্ভত অনুষ্ঠিত কৰা হয় এক সজাগতা শিৱিৰ। অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটৰ সৰ্বভাৰতীয় সংহত গৱেষণা প্ৰকল্প, সম্প্ৰসাৰণ শিক্ষা বিভাগৰ উদ্যোগত টীয়কৰ মুদৈজান ভৰলুৱা, পীড়াকটা ভৰলুৱা আৰু বাদুলীপুখুৰী মাজগাঁৱত জলবায়ু পৰিৱৰ্তন আৰু মহিলা সবলীকৰণৰ লগত সংগতি ৰাখি বৃক্ষৰোপণ কাৰ্যসূচী আৰু গাৰ্হস্থ্য বিজ্ঞানৰ সৰ্বভাৰতীয় সমন্বিত গৱেষণা প্ৰকল্প খাদ্য আৰু পৰিপুষ্টি বিভাগৰ উদ্যোগত উচ্চ ৰক্তচাপ, কলেষ্টৰেল, মধুমেহ আদি স্বাস্থ্য সম্বন্ধীয় বিষয়ৰ সজাগতা শিৱিৰ অনুষ্ঠিত কৰা হয় ।

টীয়কত বৃক্ষৰোপণৰ লগতে সজাগতা সভা

সৰ্বভাৰতীয় সংহত গৱেষণা প্ৰকল্পৰ অধীনত একাদিক্ৰমে চলি থকা বিভিন্ন কাৰ্যসূচীত তথ্য সম্প্ৰসাৰণ প্ৰযুক্তি ব্যৱহাৰ কৰি কেচুসাৰ প্ৰস্তুত কৰি জৈৱিক কৃষিৰ লগতে জলবায়ু পৰিৱৰ্তন আৰু কৃষি মৌচম সেৱাৰ বিভিন্ন তথ্য যোগান ধৰাৰ ব্যৱস্থা কৰা হয় । এই সমগ্ৰ কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় প্ৰস্তুতি আত্মসহায়ক গোটে । অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক ড৹অশোক ভট্টাচাৰ্য্যৰ উদ্যোগত আৰু মুখ্য বিজ্ঞানী ড৹ মানসী বৰুৱা ডেকাৰ তত্বাৱধানত চলা বৃক্ষৰোপণ কাৰ্যসূচীত অঞ্চলৰ ৰাইজৰ সহযোগত প্ৰায় চাৰিশ মূল্যৱান গছপুলি বিতৰণ আৰু ৰোপণ কৰা হয় । গৱেষণা সহযোগী ড৹ ৰেখামণি শইকীয়াৰ সহযোগত বিভিন্ন আত্মসহায়ক গোটৰ এশৰো অধিক মহিলাই অংশগ্ৰহণ কৰে অনুষ্ঠানটোত । উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি স্বাস্থ্য সম্বন্ধীয় সজাগতা শিৱিৰ অনুষ্ঠিত কৰে খাদ্য আৰু পৰিপুষ্টি বিভাগৰ মুখ্য বিজ্ঞানী ড৹ প্ৰণতি দাসে । লগতে কাৰিকৰী সহায়ক হিচাপে উপস্থিত থাকে ময়ূৰীৰাণী দেৱী, পল্লৱী তালুকদাৰ ,লিপিকা চেটাৰ্জী আৰু আশা গগৈ ৷

Intro:Body:টীয়কত জলবায়ু পৰিবৰ্তন , মহিলা সবলীকৰণ আৰু স্বাস্থ্য সজাগতা শিবিৰ
TEOK:অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটৰ সৰ্বভাৰতীয় সংহত গৱেষণা প্ৰকল্প, সম্প্ৰসাৰণ শিক্ষা বিভাগৰ উদ্যোগত জলবায়ু পৰিবৰ্তন আৰু মহিলা সবলীকৰণৰ লগত সংগতি ৰাখি বৃক্ষৰোপণ কাৰ্যসূচী আৰু গাৰ্হস্হ্য বিজ্ঞানৰ সৰ্বভাৰতীয় সমন্বিত গৱেষণা প্ৰকল্প খাদ্য আৰু পৰিপুষ্টি বিভাগৰ উদ্যোগত উচ্চ ৰক্তচাপ, কলেষ্টল, মহুমেদ আদিৰ বিষয়ে স্বাস্থ্য সম্বন্ধীয় সজাগতা শিবিৰ টীয়কৰ মুদৈজান ভৰলুৱা, পীড়াকটা ভৰলুৱা আৰু বাদুলীপুখুৰী মাজগাঁৱত অনুস্থিত কৰা হয়।সৰ্বভাৰতীয় সংহত গবেষণা প্ৰকল্পৰ অধীনত একাদিক্ৰমে চলি থকা বিভিন্ন কাৰ্যসূচীত তথ্য সম্প্ৰসাৰণ প্ৰযুক্তি ব্যৱহাৰ কৰি কেচুসাৰ প্ৰস্তুত কৰি জৈবিক কৃষিৰ লগতে জলবায়ু পৰিবৰ্তন আৰু কৃষি মৌচম সেৱাৰ বিভিন্ন তথ্য যোগান ধৰাৰ ব্যৱস্থা কৰা হয়।এই সমগ্ৰ কাৰ্যসূচীত স্হানীয় প্ৰস্তুতি আত্মসহায়ক গোটে সহযোগিতা আগবঢ়ায়।অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্য্যৰ উদ্যোগত আৰু মুখ্য বিজ্ঞানী ড° মানসী বৰুৱা ডেকাৰ তত্বাৱধানত চলা বৃক্ষৰোপণ কাৰ্যসূচীত অঞ্চলৰ ৰাইজৰ সহযোগত প্ৰায় চাৰিশ মূল্যবান গছপুলি বিতৰণ আৰু ৰোপণ কৰা হয়।গৱেষণা সহযোগী ড° ৰেখামণি শইকীয়াৰ সহযোগত বিভিন্ন আত্মসহায়ক গোটৰ এশৰো অধিক মহিলাই অংশগ্ৰহণ কৰে।উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি স্বাস্থ্য সম্বন্ধীয় সজাগতা শিবিৰ অনুস্থিত কৰে খাদ্য আৰু পৰিপুষ্টি বিভাগৰ মূখ্য বিজ্ঞানী ড° প্ৰণতি দাসে।লগতে কাৰিকৰী সহায়ক ময়ুৰীৰাণী দেৱী পল্লবী তালুকদাৰ লিপিকা চেটাৰ্জী আশা গগৈ উপস্থিত থাকি সমগ্ৰ কাৰ্যসূচী সফল ৰূপায়ণ কৰে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.