ETV Bharat / state

আৰক্ষী চকীৰ কাষৰ পৰা চুৰি হোৱা গৰু গৰাকীয়ে উদ্ধাৰ কৰিলে নাগালেণ্ডত

author img

By

Published : Apr 25, 2022, 10:00 PM IST

গৰুৰ চোৰাং ব্য়ৱসায়ৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী(Police against cow smuggling) । কিন্তু আৰক্ষীৰ অভিযানৰ মজতো ৰাজ্যত বৰ্তমানেও চলি আছে গৰুৰ চোৰাং ব্যৱসায় । এইবাৰ গৰুৰ গৰাকীয়ে নিজা প্ৰচেষ্টাত নাগালেণ্ডত জব্দ কৰিলে গৰুসহ মিনি ট্ৰাক ।

seized vehicle with smuggled cattle
গৰাকীয়ে ধৰিলে গৰুচোৰ: আৰক্ষী ক'ত ?

মৰিয়ণি,২৫ এপ্ৰিল: গৰুৰ চোৰাং ব্য়ৱসায়ৰ বিৰুদ্ধে কঠোৰ আৰক্ষী(Police against cow smuggling) । কিন্তু বৰ্তমানেও ৰাজ্যত চলি আছে গৰুৰ চোৰাং ব্যৱসায় । প্ৰতিদিনেই চুৰি কৰি আৰক্ষী চকীৰ সন্মুখৰেই সৰবৰাহ কৰি আছে গৰুভৰ্তি বাহন । এইবাৰ গৰাকীয়ে নিজেই উদ্ধাৰ কৰিলে চুৰি হোৱা গৰু(Owner rescued stolen cow) ।

মৰিয়নি নকছাৰী দেবেৰাপাৰ আৰক্ষী চকীৰ কাষৰে এঘৰৰ পৰা দেওবাৰে নিশা চোৰে চুৰি কৰি লৈ যায় দুজনীকৈ গাইগৰু ৷ লগতে দেবেৰাপাৰ বাগিচাআলিৰ আন দুঘৰ লোকৰ পৰাও দুটা গৰু একেসময়তে নিশা চুৰি হয় ৷ ইয়াৰ পাছতেই হাঁহাকাৰ লগে পৰিয়ালকেইটাৰ মাজত (Cattle theft in Jorhat)।

গৰাকীয়ে ধৰিলে গৰুচোৰ: আৰক্ষী ক'ত ?

চুৰি হোৱা ৪ টা গৰু সোমবাৰে গৰাকীয়ে নিজা প্ৰচেষ্টাত অভিযান চলায় চুবুৰীয়া ৰাজ্য নগালেণ্ড চাৰিং বস্তুিৰ কেইঘৰমান নগা লোকৰ সহায়ত উদ্ধাৰ কৰিবলৈ সক্ষম হয় । চুৰি হোৱা গৰু লৈ গৈ থকা এখন মিনি ট্ৰাক সহ চাৰিওটা গৰু উদ্ধাৰ কৰে ৷

ইফালে গৰাকীৰ নিজা প্ৰচেষ্টাত উদ্ধাৰ হোৱা গৰু নগালেণ্ডৰ পৰা আনিবলৈ গৈ বাহ বাহ লোৱাৰ চেষ্টা চলোৱা দেখা গ'ল দেবেৰাপাৰ আৰক্ষীক ৷ ইতিমধ্যে চুৰি হোৱা গৰু সৰবৰাহত ব্যৱহৃত নগালেণ্ডত জব্দ হোৱা AS 03 E 6268 নম্বৰৰ এখন মিনি ট্ৰাক গৰুৰ গৰাকীয়ে গৰু সহ আনি দেবেৰাপাৰ থানাত চমজাই দিয়ে ৷ পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব জব্দ কৰা গাড়ীখনৰ গৰাকী সন্ধান উলিয়াবলৈ সক্ষম হয় নে নহয় দেবেৰাপাৰ আৰক্ষী ।

লগতে পঢ়ক: SI Examination Paper leak: সামাজিক মাধ্যমত বিয়পিছে অসম আৰক্ষীৰ এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.