ETV Bharat / state

মৃত্যুমুখী যাত্ৰা যোৰহাটৰ চৰকাৰী বিদ্যালয়ৰ - hslc examination result

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফলাফল শূন্য ৰাজ্যৰ কেইবাখনো চৰকাৰী বিদ্যালয়ৰ ৷ ফলাফল শূন্য বিদ্যালয় বন্ধৰ নিৰ্দেশ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ উক্ত তালিকাত সাঙোৰ খাইছে শৈক্ষিক নগৰী হিচাপে পৰিচিত যোৰহাট জিলাৰ চাৰি বিদ্যালয়ৰ নাম ৷ এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন ৷

School will close after declaration of hslc examination result jorhat assam etv bharat news
মৃত্যুমুখী যাত্ৰা যোৰহাটৰ চৰকাৰী বিদ্যালয়ৰ
author img

By

Published : Jun 9, 2020, 8:31 PM IST

যোৰহাট, 9 জুন: হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফলাফল শূন্য ৰাজ্যৰ কেইবাখনো চৰকাৰী বিদ্যালয়ৰ ৷ ফলাফল শূন্য বিদ্যালয় বন্ধৰ নিৰ্দেশ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ তিনিদিন পূৰ্বে ঘোষিত এইবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফলাফল প্ৰদৰ্শন কৰিবলৈ অসমৰ্থ ৰাজ্যৰ ১৭ খন বিদ্যালয় ৷ উক্ত তালিকাত সাঙোৰ খাইছে শৈক্ষিক নগৰী হিচাপে পৰিচিত যোৰহাট জিলাৰ চাৰি বিদ্যালয়ৰ নাম ৷ বিদ্যালয়কেইখন হৈছে যোৰহাটৰ মাজমজিয়াস্থিত ঐতিহাসিক যোৰহাট বেজবৰুৱা হাইস্কুল,নামদেউৰী গাৰ্লচ হাইস্কুল,বালিগাঁও গীতাৰ্থী ভকেশ্যনেল হাইস্কুল আৰু মাজুলীৰ মধ্য আঁহতগুৰী হাইস্কুল ৷

মৃত্যুমুখী যাত্ৰা যোৰহাটৰ চৰকাৰী বিদ্যালয়ৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফলাফলৰ নামত এটা বৃহৎ শূন্য উপহাৰ দি বিদ্যালয় কেইখনে লজ্জিত কৰিলে শৈক্ষিক নগৰী যোৰহাটক ৷ শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশ অনুসৰি বিদ্যালয়কেইখন বন্ধ কৰি দিয়াৰ লগতে বদলি কৰা হ’ব শিক্ষক-শিক্ষয়ত্ৰীসকলক ৷ একেদৰে শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীসকলক নিকটৱৰ্তী বিদ্যালয়ৰ লগত স‌ংযোগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ যিটো সময়ত শিক্ষা বিভাগে চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁঠনি উন্নত কৰাৰ লগতে বিনামূলীয়া নামভৰ্তি,পাঠ্যপুথি বিতৰণ তথা শিক্ষক-শিক্ষয়িত্ৰীসকলক ন ন কৌশলেৰে প্ৰশিক্ষণ দি পাঠদানৰ বাবে প্ৰস্তুত কৰি তুলিছে তেনে সময়ত কাৰ ভুলৰ বাবে এনে দুৰৱস্থাই দেখা দিছে শৈক্ষিক নগৰী যোৰহাটৰ বিদ্যালয়কেইখনত । নে কেৱল চৰকাৰে আগবঢ়োৱা দৰমহা গ্ৰহণ কৰিয়েই দায়িত্ব সামৰে শিক্ষক-শিক্ষয়িত্ৰীয়ে ? এতিয়া এনে কেতবোৰ প্ৰশ্নই উদ্বিগ্ন কৰি তুলিছে শৈক্ষিক নগৰীখনৰ সচেতন মহলক ৷

লগতে চাওকঃ নগাঁও জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত চোৰৰ প্ৰৱেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.