ETV Bharat / state

যোৰহাটত অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

অনুসূচীত জাতিৰ বাবে গ্ৰহণ কৰা বিভিন্ন চৰকাৰী আঁচনি ৰূপায়নৰ ক্ষেত্ৰত হোৱা দুৰ্নীতি আৰু অনুসূচীত জাতিৰ লোকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত বুধবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদে ৷

scheduled-caste-youth-students-council-protest
যোৰহাট জন কল্যান বিষয়া কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Feb 3, 2021, 7:16 PM IST

যোৰহাট, 3 ফেব্ৰুৱাৰী : অনুসূচীত জাতিৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনি ৰূপায়নৰ ক্ষেত্ৰত হোৱা দুৰ্নীতি আৰু অনুসূচীত জাতিৰ লোকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত বুধবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদে ৷ যোৰহাট জিলা মহকুমা জনকল্যান বিষয়াৰ কাৰ্যলয়ৰ চৌহদত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

যোৰহাটত অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

প্ৰতিবাদৰ কালত সংগঠনটোৰ নেতৃত্বই জানিবলৈ দিয়া অনুসৰি অনুসূচীত জাতিৰ বহু কেইটা সমস্যা সমাধানৰ ক্ষেত্ৰত দাবী জনাই অহাৰ পিচতো আজিকোপতি কোনো গুৰুত্ব প্ৰদান নকৰিলে চৰকাৰে ৷ যাৰ ফলস্বৰূপ অনুসূচীত জাতিৰ সমস্যা সমূহ সমাধানৰ বাবে বিভাগীয় কৰ্তৃপক্ষক পুনৰ দাবী জনাই এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদে ৷ লগতে যোৰহাট জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে বুলিও সংগঠনটোৰ নেতৃত্বই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: ৰাজ্যপালৰ স্বাক্ষৰৰ পিছতে অসমত বন্ধ হ'ল চৰকাৰী মাদ্ৰাছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.