ETV Bharat / state

Rupjyoti Kurmi as Brahma: মৰিয়নিত ব্ৰহ্মাৰ ৰূপত বিধায়ক ৰূপজ্যোতি

শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাত এইবাৰ ব্ৰহ্মাৰ ৰূপত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী (Rupjyoti Kurmi as Brahma in Raas) । ৰাস মহোৎসৱস্থলীত বিধায়ক কুৰ্মীক চাবলৈ ৰাইজৰ ব্যাপক সমাবোশ ।

Rupjyoti
Rupjyoti
author img

By

Published : Nov 11, 2022, 1:05 PM IST

যোৰহাট, ১১ নৱেম্বৰ : ৰাজ্যৰ চৌদিশে এতিয়া ৰাসৰ উখল-মাখল পৰিৱেশ (Raas Leela in Assam) । সকলোতে কেৱল কৃষ্ণ বন্দনাৰে মুখৰিত হৈছে আকাশ-বতাহ । শ্ৰীকৃষ্ণৰ ৰাসলীলাত মচগুল বিভিন্ন কলা-কুশলী । শ্ৰীকৃষ্ণৰ ৰাসলীলা উপলক্ষে আয়োজিত হৈছে কৃষ্ণকেন্দ্ৰিক নাট-ভাওনা (Assam celebrated Raas Leela) ।

মৰিয়নিত ব্ৰহ্মাৰ ৰূপত বিধায়ক ৰূপজ্যোতি

এই নাট-ভাওনাত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ বিভিন্ন নবীন-প্ৰবীণ শিল্পী-অভিনেতাই । বাদ পৰি থকা নাই ৰাজনৈতিক ব্যক্তিত্বও । নিজৰ অভিনয় প্ৰতিভা আৰু নাট্যশৈলীৰে দৰ্শকৰ মন মুহিছে তেনে বহুকেইজন ব্যক্তিয়ে । এইবাৰ শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাত সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ৰূপত অভিনয় কৰিলে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে (Morioni MLA Rupjyoti Kurmi) । ৰাস মহোৎসৱস্থলীত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অভিনয় চাবলৈ ৰাইজৰ ব্যাপক হাৰত সমাবেশ পৰিলক্ষিত হয় ।

মৰিয়নিত আয়োজিত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱত ব্ৰহ্মাৰ ৰূপত আৰ্ৱিভাৱ ঘটিল সততে চৰ্চাত থকা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ (Rupjyoti Kurmi as Brahma in Morioni Raas) । মৰিয়নিৰ উন্মিলন সংগীত বিদ্যালয় আৰু মৰিয়নি ৰাইজৰ সহযোগত মৰিয়নিৰ বাপুজী ষ্টেডিয়াত দুদিনীয়াকৈ আয়োজিত ৰাস মহোৎসৱত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ব্ৰহ্মাৰ চৰিত্ৰ ৰূপায়ণ কৰে ।

সৃষ্টিকৰ্তা ব্ৰহ্মাৰ অভিনয়েৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে পুনৰ ৰাইজৰ মাজত আন এক অনবদ্য প্ৰতিভা দাঙি ধৰে । ব্ৰহ্মাৰ শক্তি লাভ কৰিলে কি কৰিব তাকো প্ৰকাশ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । ইফালে ৰূপজ্যোতি কুৰ্মীয়ে ৰাসত ব্ৰহ্মাৰ চৰিত্ৰত কৰাৰ অভিনয় চাবলৈ ৰাস মহোৎসৱস্থলীত সহ্ৰাধিক লোকৰ সমাগম ঘটে ।

উল্লেখযোগ্য যে বিভিন্ন সময়ত বিভিন্ন মন্তব্যৰে বিৰ্তকৰ শিৰোনাম দখল কৰাৰ লগতে ৰাইজৰ মাজত হাঁহিৰ খোৰাক দিয়া বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ কিছু কাম আৰু পদক্ষপে ৰাইজক সন্তুষ্টি আৰু প্ৰেৰণা দি অহাৰ উপৰি ৰাইজৰ মাজত সজাগতামূলক বাৰ্তা প্ৰদান কৰি আহিছে । ৰাজনৈতিক পথাৰৰ লগতে সমষ্টিবাসীক উৎসাহ আৰু স্ব-প্ৰতিভা উজাৰি দিবলৈকে এনেদৰে বিভিন্ন সময়ত বিভিন্ন ৰূপত আত্মপ্ৰকাশ ঘটে মৰিয়নি সমষ্টিৰ শাসকীয় পক্ষৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ । আনহাতে, বৃহস্পতিবাৰে ৰাস মহোৎসৱস্থলীত উপস্থিত থাকি ৰাস উপভোগ কৰে যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে ।

লগতে পঢ়ক :Ashirbad Hazarika arrested: গ্ৰেপ্তাৰ হ’ল দৰঙৰ পলাতক অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.