ETV Bharat / state

অপহৃত ৰিতুল শইকীয়াৰ বাসগৃহত ৰূপজ্যোতি কুৰ্মী - ড৹ হিমন্ত বিশ্ব শৰ্মা

অপহৃত ৰিতুল শইকীয়াৰ ঘৰত উপস্থিত হৈ আলফা(স্বা) ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক ৰাজনীতিৰ পথাৰলৈ অহাৰ আহ্বান মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷ অপহৃত ৰিতুল শইকীয়াৰ মুকলিৰ বাবে আলফাৰ লগত মধ্যস্থতাকাৰী হ’বলৈ সাজু মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ।

অপহৃত ৰিতুল শইকীয়াৰ বাসগৃহত ৰূপজ্যোতি কুৰ্মী

author img

By

Published : May 12, 2021, 6:26 PM IST

তিতাবৰ,12 মে’: বিগত ২১ এপ্ৰিলৰ পুৱতি নিশা লাকুৱাস্থিত তৈলখাদৰ পৰা অপহৃত হৈছিল ONGC ৰ তিনিজনকৈ অসমীয়া বিষয়া-কৰ্মচাৰী । ইয়াৰে দুজন উদ্ধাৰ হোৱাৰ বিপৰীতে আজি ২২ টা দিন অতিক্ৰম কৰাৰ পাছতো কোনো শুংসূত্ৰ নাই ৰিতুল শইকীয়াৰ । বুধবাৰে তিতাবৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ সৈতে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজোতি কুৰ্মীয়ে অপহৃত ৰিতুল শইকীয়াৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে ৷

অপহৃত ৰিতুল শইকীয়াৰ বাসগৃহত ৰূপজ্যোতি কুৰ্মী

বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, "অপহৃত ৰিতুল শইকীয়াৰ মুকলিৰ বাবে আলফা(স্বা) ৰ সৈতে মধ্যস্থতাকাৰী হ’বলৈ সাজু আছো" ৷ সেনাধ্যক্ষ গৰাকীক ৰাজনীতিৰ পথাৰলৈ আহি অসমৰ উন্নতিৰ হকে কাম কৰিবলৈ আহ্বান জনাই মৰিয়নীৰ বিধায়ক কুৰ্মীয়ে । ইয়াৰ উপৰিও ৰিতুল শইকীয়াৰ উদ্ধাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছে বিধায়ক গৰাকীয়ে ।

লগতে পঢ়কঃ বৰগোহাঞিৰ মহাপ্ৰয়াণত শোকস্তব্ধ প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.