ETV Bharat / state

ধৰ্মীয় উপাসনাস্থলীত ছেনিটাইজেশ্যন যোৰহাটৰ উদ্যমী যুৱকৰ - ধৰ্মীয় উপাসনাস্থলীত ছেনিটাইজ্যেছন যোৰহাটৰ উদ্যমী যুৱকৰ

দেশজুৰি ধৰ্মীয় উপাসনা স্থলী সমূহৰ দুৱাৰ সমূহ মুকলি কৰা হৈছে দৰ্শনাৰ্থীৰ বাবে ৷ যোৰহাটৰ ধলাজানৰ কেইবাজনো উদ্যমী যুৱকে গ্ৰহণ কৰিলে ছেনিটাইজেশ্যনৰ পদক্ষেপ ৷

a group of youth sanitized religious places
ধৰ্মীয় উপাসনাস্থলীত ছেনিটাইজেশ্যন যোৰহাটৰ উদ্যমী যুৱকৰ
author img

By

Published : Jun 18, 2020, 4:03 PM IST

যোৰহাট, 18 জুনঃ ধৰ্মীয় তথা ৰাজহুৱা অনুষ্ঠানত সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ছেনিটাইজাৰ ব্যৱস্থা গ্ৰহণ কৰিলে যোৰহাট জিলাৰ বৃহত্তৰ ধলাজান অঞ্চলৰ কেইবাজনো যুৱকে ৷ উল্লেখযোগ্য যে,ক'ৰণা মহামাৰীৰ বাবে প্ৰায় আঢ়ৈ মাহ ধৰি সমগ্ৰ দেশত লক ডাউন বলবৎ হৈ থকাৰ সময়ত আন অনিুষ্ঠান-প্ৰতিষ্ঠান সমূহৰ লগতে সম্পূৰ্ণৰূপে বন্ধ হৈ আছিল দেশৰ ধৰ্মীয় উপাসনাস্থলী সমূহ ৷ শেহতীয়াকৈ 8 জুনৰ পৰা সমগ্ৰ দেশৰ গৰিষ্ঠসংখ্যক অঞ্চলত "আনলক 1" আৰম্ভ হোৱাৰ পাছতেই চৰকাৰী নীতি নিৰ্দেশনা মানি ধৰ্মীয় উপাসনাস্থলী সমূহো দৰ্শনাৰ্থী সকলৰ বাবে মুকলি কৰি দিয়া হৈছে ৷

ধৰ্মীয় উপাসনাস্থলীত ছেনিটাইজেশ্যন যোৰহাটৰ উদ্যমী যুৱকৰ

সমগ্ৰ দেশতেই "আনলক 1" আৰম্ভ হৈছে যদিও দেশত শেষ হোৱা নাই কোভিড 19 ৰ প্ৰাৰ্দূভাৱ ৷ দৰ্শনাথী সকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বৃহত্তৰ ধলাজান অঞ্চলৰ উদ্যমী যুৱক কেইজনে স্থানীয় শ্ৰী শ্ৰী মায়ামৰা পুৰণিমাটি আতাপাম সত্ৰ,শ্ৰী শ্ৰী বাঘেখোৱা চুক বৰ নামঘৰ,চৰাইবাহী ব্ৰাহ্মণ গাঁৱ নামঘৰ,শ্ৰী শ্ৰী হনুমান মন্দিৰ ব্ৰাহ্মণ গাঁও,2নং চৰাইবাহী বৰনামঘৰ আদি ধৰ্মীয় স্থান সমূহত ছেনিটাইজেশ্যনৰ ব্যৱস্থা কৰিছে ৷ উদ্যমী যুৱক কেইজনৰ এই কাৰ্যক প্ৰশংসা কৰে স্থানীয় ভক্তপ্ৰাণ ৰাইজে ৷

লগতে পঢ়কঃ ধৰনীধৰ গোস্বামীক মৰণোত্তৰভাৱে প্ৰাপ্য সন্মান প্ৰদান কৰিব অসম চৰকাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.