যোৰহাট, 17 চেপ্টেম্বৰঃ সোমবাৰে নিশা যোৰহাটত সংঘটিত হোৱা হত্যাকাণ্ডৰ পিচতে উত্তেজিত হৈ পৰিছে যোৰহাটৰ ৰাইজ ৷অভিযুক্তৰ ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি লণ্ড-ভণ্ড কৰে প্ৰতিবাদী ৰাইজে ৷ হত্যাকাণ্ডৰ লগত জড়িত চনু দাসক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী কৰি ৰাইজে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷
চনু দাসক গ্ৰেপ্তাৰৰ দাবীত স্থানীয় ৰাইজে চনু দাসৰ পিতৃ বগাই দাসৰ অবৈধ সুৰাৰ দোকানখন ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে পৰিস্থিতি উত্তাল কৰি তোলে ৷ এই প্ৰতিবাদ ক্ৰমে ভয়ংকৰ হৈ উঠিছে আৰু প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে প্ৰতিবাদী লোক সকলৰ ওপৰত লাঠি চালনা কৰে ৷ সোমবাৰে নিশা যোৰহাট চহৰৰ মাজ মজিয়াৰ তেলীয়াপট্টীত চনু দাসে আশীষ বৰা নামৰ এজন যুৱকক হত্যা কৰিছিল ৷ আশীষ বৰাই অবৈধ সুৰাৰ দোকান বন্ধ কৰিবলৈ যোৱাৰ বাবে সুৰা ব্যৱসায়ী জনৰ ৰোষত পৰিব লগীয়া হৈছিল৷