ETV Bharat / state

বিভিন্ন দাবীত প্ৰতিবাদত উত্তাল হ’ল ৰহা,টীয়ক,যোৰহাট,শিলচৰ - Raha road scam

ৰহা সমষ্টিৰ মাধৱপাৰা পঞ্চায়তত এম জি এনৰেগাৰ ধন আত্মসাতৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ ৷ প্ৰাদেশিকীকৰণ আইন-২০১৭ত চলি থকা বিশৃংখলতাৰ বিৰুদ্ধে শুকুৰবাৰে যোৰহাট জিলাৰ দুগৰাকী বিধায়কৰ ঘৰ ঘেৰাও কৰে প্ৰতিবাদী শিক্ষকে ৷ আনহাতে টীয়কৰ দুখনকৈ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত তলা ওলমাই প্ৰতিবাদ ছাত্ৰ সন্থাৰ ৷ সমান্তৰালকৈ প্ৰশান্ত ভট্টাচাৰ্য নামৰ এজন আন্দোলনকাৰী যুৱকক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদ শিলচৰত ৷

বিভিন্ন দাবীত প্ৰতিবাদত উত্তাল হ’ল ৰহা,টীয়ক,যোৰহাট,শিলচৰ
author img

By

Published : Nov 22, 2019, 10:55 PM IST

ৰহা, 22 নৱেম্বৰঃ ৰহা সমষ্টিৰ মাধৱপাৰা পঞ্চায়তত এম জি এনৰেগাৰ ধন আত্মসাৎৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ ৷ কঠিয়াতলী উন্নয়ণ খণ্ডৰ মাধৱপাৰা পঞ্চায়তত এটা পথ নিৰ্মাণত বি জে পি নেতা বিৰাজ বৰাই কৰা দুৰ্নীতিৰ তদন্ত খৰতকীয়া কৰাৰ বাবে প্ৰতিবাদত নামে অঞ্চলটোৰ ৰাইজ ৷ উল্লেখ্য যে,মাধৱপাৰা পঞ্চায়তৰ ২নং বাৰ্ডত ২০১৬ -১৭ বৰ্ষত এটা পথ নিৰ্মাণৰ বাবে ২ লাখ ৬৩ হাজাৰ টকা অনুমোদন দিয়া হৈছিল ৷ পথটো ২০১৬ বৰ্ষৰ ১৫ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰে ৰহা সমষ্টিৰ বৰ্তমানৰ বিধায়ক ডিম্বেশ্বৰ দাসে ৷ কিন্তু ৰাইজৰ অভিযোগ পথটোৰ বাবে অনুমোদিত ধনৰ ২ লাখ ৬৩ হাজাৰ টকা আত্মসাৎ কৰিছে বিৰাজ বৰাই ৷ বিষয়টোৰ সন্দৰ্ভত ৰাইজে নগাঁও জিলাৰ উপায়ুক্তকে ধৰি বিভিন্ন পক্ষত ৰাজহুৱা অভিযোগ দি আহিছে যদিও তদন্ত লেহেমীয়া হোৱাত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ। আনহাতে,পঞ্চায়তখনৰ অতি গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণ নোহোৱাৰ বাবে এতিয়া তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ ৷

ৰহাত পথ নিৰ্মানৰ ধন আত্মসাৎ

যোৰহাটঃ ৰাইজৰ দ্বাৰা প্ৰতিষ্ঠিত অপ্ৰাদেশীকৃত বিদ্যালয় সমূহে ৰাজ্য শিক্ষাৰ ক্ষেত্ৰত বহু অৰিহণা যোগায় আহিছে ৷ এই অপ্ৰাদেশীকৃত বিদ্যালয় সমূহ প্ৰাদেশিকীকৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশিকীকৰণ আইন-২০১৭ প্ৰণয়ন কৰিছিল ৷ কিন্তু শিক্ষা বিভাগৰ হেমাহিৰ বাবেই বহু অপ্ৰাদেশীকৃত বিদ্যালয় আৰু তাত কৰ্মৰত শিক্ষকৰ ভৱিষ্যত এতিয়াও অনিশ্চয়তাৰ পথত ৷ সেয়েহে বিদ্যালয় প্ৰাদেশিকীকৰণ আইন-২০১৭ত চলি থকা বিশৃংখলতাৰ বিৰুদ্ধে শুকুৰবাৰে যোৰহাট জিলাৰ দুগৰাকী বিধায়কৰ ঘৰ ঘেৰাও কৰে শিক্ষক সকলে ৷ আনহাতে, এই আইনখনৰ পুনঃ সংশোধনৰ দাবীত বিধানসভাৰ অধ্যক্ষ আৰু বাচনি সমিতিৰ সদস্য তথা দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ ভৰালী ঘৰ ঘেৰাও কৰি স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদী শিক্ষকসকলে ৷

যোৰহাটত শিক্ষকৰ প্ৰতিবাদ

টীয়কঃ টীয়কৰ দুখনকৈ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত তলা ওলমালে ছাত্ৰ সন্থাই ৷ উল্লেখ্য যে,যোৰহাট জিলাৰ পূৱ যোৰহাট শিক্ষাখণ্ডৰ অধীনষ্ঠ গায়ন গাঁও প্ৰাথমিক বিদ্যালয় আৰু শ্ৰীমন্ত শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ত বিগত কেইবা মাহ ধৰি মাত্ৰ এজন শিক্ষকেই পাঠদান কৰি আহিছে ৷ এই বিষয়ে স্থানীয় সচেতন ৰাইজে কেইবাবাৰো উৰ্ধতন কৰ্তৃপক্ষক অভিযোগ দি আহিছে যদিও এই পৰ্যন্ত কোনো সঁহাৰি লাভ কৰা নাই ৷ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ হেতালি খেলা শিক্ষাখণ্ডৰ প্ৰতি চৰম ক্ষোভ প্ৰকাশ কৰি শুকুৰবাৰে শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাই স্থানীয় ৰাইজৰ সহযোগত দুয়োখন বিদ্যালয়তে অৰ্নিদিষ্ট কাললৈকে তলা বন্ধ কাৰ্যসূচী গ্ৰহণ কৰে ৷ লগতে দুয়োখন বিদ্যালয়লৈ শিক্ষক নিযুক্তি নিদিয়া পৰ্যন্ত এই কাৰ্যসূচী চলি থাকি বুলি মন্তব্য কৰে ক্ষোভিত ৰাইজে ৷

টীয়কত প্ৰতিবাদ ছাত্ৰ সন্থাৰ

শিলচৰঃ বিগত জুলাই মাহত ট্ৰাকৰ খুন্দাত নিহত হয় কেৱল নিউজৰ সাংবাদিক মলিন শৰ্মাৰ ৷ সমান্তৰালকৈ ৩০ জুলাই কাছাৰ বন্ধ পালনৰ সময়ত পিকেটিং কৰাৰ বাবে কালি প্ৰশান্ত ভট্টাচাৰ্য নামৰ এজন আন্দোলনকাৰী যুৱকক গ্ৰেপ্তাৰ কৰা হয় ৷ উক্ত ঘটনাৰ বিৰুদ্ধে সম্প্ৰতি প্ৰতিবাদ সাব্যস্ত কৰিছে শিলচৰৰ বিভিন্ন দল সংগঠনে ৷ লগতে আটকাধীন যুৱকজনক মুকলি কৰি দিয়াৰ বাবেও দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

শিলচৰত প্ৰতিবাদ

বাৰে বাৰে বলাৎকাৰ কৰা হৈছে ভাৰতীয় সংবিধান : আমিনুল ইছলাম

Intro:ৰাজধানী সম্প্ৰসাৰণৰ নামত ৰাভা হাছঙৰ গাঁও অন্তৰ্ভুক্ত কৰাৰ প্ৰতিবাদত তথা গাঁও সমূহ কৰ্তনৰ দাবীত শুকুৰবাৰে ৰাভা হাছঙৰ ১২ টা সংগঠনে ছয়গাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে ৷Body:ছয়গাঁও ২২ নৱেম্বৰ : অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকাৰী আইন-২০১৭ আইনৰ আওতাৰ পৰা ৰাভা হাছং আৰু ট্ৰাইবেল বেল্ট আৰু ব্লকৰ এলেকাধীন গাঁও সমূহ কৰ্তনৰ দাবীত শুকুৰবাৰে
ছয়গাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰা হয় ।
কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাকে আদি কৰি ১২ সংগঠনৰ বিষয়ববীয়া আৰু সদস্যই এই ধৰ্ণাত অংশগ্ৰহণ কৰে । কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা,কামৰূপ জিলা ৰাভা মহিলা পৰিষদ,কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতি,কামৰূপ জিলা ৰাভা সাহিত্য সভা,কামৰূপ জিলা ৰাভা জাতীয় পৰিষদ,দক্ষিণ কামৰূপ জিলা ট্ৰাইবেল সংঘ,দক্ষিণ কামৰূপ জিলা বড়ো ছাত্ৰ সন্থা,কামৰূপ জিলা গোৰ্গা কল্যাণ সমিতি,কামৰূপ জিলা বেংগলী যুৱ ছাত্ৰ ফেডাৰেচন,দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থা,কামৰূপ জিলা গাৰো ছাত্ৰ সন্থা আৰু কামৰূপ জিলা অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদে অংশগ্ৰহণ কৰা এই ধৰ্ণা কাৰ্যসূচীত চৰকাৰৰ বিৰুদ বিভিন্ন শ্ল’গান দিয়ে ৷ আনহাতে ৰাভা সংগ্ৰামী সংগঠন সমূহৰ দাবী মানি নল’লে ৰাভা সংগঠনে চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিব বুলিও ৰাভা সংগ্ৰামী সংগঠন সমূহে ভাবুকি দিয়ে ৷ধৰ্ণা কাৰ্যসূচীৰ শেষত অসমৰ মুখ্যমন্ত্ৰীলৈ লিখা বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ ছয়গাঁও ৰাজহ চক্ৰ বিষয়াৰ হাতত প্ৰদান কৰে ৷Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.