ETV Bharat / state

যোৰহাট প্ৰেছ ক্লাৱত প্ৰফুল্ল ৰাজগুৰু স্মাৰক বক্তৃতানুষ্ঠান

বৃহস্পতিবাৰে যোৰহাট প্ৰেছ ক্লাৱত প্ৰফুল্ল ৰাজগুৰু স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা এই স্মাৰক বক্তৃতানুষ্ঠানত "ভাৰতীয় গণতন্ত্ৰ প্ৰতি প্ৰত্যাহ্বান আৰু সংবাদ মাধ্যমৰ ভূমিকা "শীৰ্ষক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় ।

যোৰহাট প্ৰেছ ক্লাৱত প্ৰফুল্ল ৰাজগুৰু স্মাৰক বক্তৃতানুষ্ঠান
author img

By

Published : Sep 5, 2019, 7:54 PM IST

যোৰহাট,5ছেপ্টেম্বৰঃ বৃহস্পতিবাৰে যোৰহাট প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি, অধ্যাপক, সাংবাদিক আৰু আমাৰ অসম কাকতৰ প্ৰাক্তন আৱাসিক সম্পাদক প্ৰফুল্ল ৰাজগুৰুৰ স্মৃতিত এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় । পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা এই স্মাৰক বক্তৃতানুষ্ঠানত "ভাৰতীয় গণতন্ত্ৰ প্ৰতি প্ৰত্যাহ্বান আৰু সংবাদ মাধ্যমৰ ভূমিকা "শীৰ্ষক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় । এই অনুষ্ঠানত ৰাজ্যখনৰ বুদ্ধিজীৱী, লিখক, ক্ষুৰধাৰ সমালোচক তথা উজনি অসমৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত লক্ষ্মীনাথ তামুলীয়ে বক্তব্য প্ৰদান কৰে । ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ বিজ্ঞজন উপস্থিত থকা অনুষ্ঠানত মুখ্য বক্তা লক্ষ্মীনাথ তামুলীয়ে বিজেপি চৰকাৰৰ সময়ত গণতন্ত্ৰই নহয় সংবাদ মাধ্যমেও বিপদৰ দিশে গতি লাভ কৰিছে বুলি উল্লেখ কৰি কয়, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ তিনিটা সামৰিক বাহিনীৰ মুখ্য সেনা নায়কৰ পদ এক কৰি নিজৰ মুঠিত ৰাখিবলৈ চেষ্টা কৰিছে । যাৰ পৰিমাণ অদূৰ ভৱিষ্যতে জনসাধাৰণে ভুগিব ।

যোৰহাট প্ৰেছ ক্লাৱত প্ৰফুল্ল ৰাজগুৰু স্মাৰক বক্তৃতানুষ্ঠান।।

যোৰহাট প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি, অধ্যাপক, সাংবাদিক আৰু আমাৰ অসম কাকতৰ প্ৰাক্তন আৱাসিক সম্পাদক প্ৰফুল্ল ৰাজগুৰুৰ স্মৃতিত প্ৰফুল্ল ৰাজগুৰু স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়।পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা স্মাৰক বক্তৃতানুষ্ঠানত "ভাৰতীয় গণতন্ত্ৰ প্ৰতি প্ৰত্যাহ্বান আৰু সংবাদ মাধ্যমৰ ভুমুকি"শীৰ্ষক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়।এই অনুষ্ঠানত ৰাজ্যখনৰ বিশিষ্ট বুদ্ধিজীৱী, লিখক,ক্ষুৰধাৰ সমালোচক তথা উজনি অসমৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত লক্ষ্মীনাথ তামুলিয়ে বক্তব্য প্ৰদান কৰে।ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ বিজ্ঞজনৰ উপস্থিত থকা অনুষ্ঠানত মুখ্য বক্তা লক্ষ্মীনাথ তামুলিয়ে বিজেপি চৰকাৰৰ সময়ত গণতন্ত্ৰ ই নহয় সংবাদ মাধ্যমও বিপদৰ দিশে গতি লাভ কৰিছে বুলি উল্লেখ কৰি কয়,দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ তিনিটা সামৰিক বাহিনীৰ মুখ্য সেনা নায়কৰ পদ এক কৰি নিজৰ মুঠিত ৰাখিবলৈ চেষ্টা কৰিছে।যাৰ পৰিমাণ অদূৰ ভৱিষ্যতে জনসাধাৰণে ভুগিব।দেশ দূৰ্ভিক্ষ দিশলৈ গতি কৰিছে।মধ্যবিত্ত শ্ৰেণী হেৰাই যোৱাৰ সম্ভাৱনা দেখা দিছে।আনকি দেশত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ স্বৰূপ সংবাদ মাধ্যম এতিয়া চৰকাৰৰ ওচৰত আঠু লবলৈ বাধ্য হৈ পৰিল।নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক নিচুকনি গীত গাই গাই শুৱাই থোৱাৰ ব্যৱস্থা কৰিছে।হিটলাৰী শাসনৰ দিশত দেশৰ ৰাজনীতি।গণতান্ত্ৰিক অধিকাৰ খৰ্ব হোৱাৰ লগে লগে একনায়কত্ববাদ দিশলৈ গতি কৰিছে বিজেপি চৰকাৰৰ দিনত।বিমুদ্ৰাকৰণ,জি এছ টি ৰ ফল লাহে লাহে ভুগিব লগা হব সাধাৰণ মানুহে।ৰিজাৰ্ভ বেংকৰ পৰা নিৰ্বাচনৰ আগত ২৭ হাজাৰ কোটি টকাৰ হিচাপ আজিও দিয়া নাই কেন্দ্ৰীয় বিজেপি চৰকাৰে।আনহাতে কিছুদিন আগতে ৰিজাৰ্ভ বেংকৰ পৰা ১.৭৬ কোটি টকা উলিয়াই লৈ যোৱাটো কি সুচাইছে।অনাগত সময়ত দেশণ ভয়ানক দুৰ্ভীক্ষ হবলৈ গৈ আছে।বাজিলৰ দৰে অৱস্থা হবগৈ ভাৰতত।
উল্লেখযোগ্য যে ৫ ছেপ্টেম্বৰ জন্মগ্ৰহণ কৰা প্ৰয়াত প্ৰফুল্ল ৰাজগুৰু স্মাৰক বক্তৃতানুষ্ঠান উপস্থিত থাকি বিশিষ্ট বুদ্ধিজীৱী লক্ষ্মীনাথ তামুলিয়ে নৰেন্দ্ৰ মোদী তথা বিজেপিয়ে একপ্ৰকাৰৰ একনায়কত্ববাদ নীতিৰে পৰিচালনা কৰিছে দেশৰ শাসন।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.