তিতাবৰ, 8 এপ্ৰিল : নাগালেণ্ডৰ ভাণ্ডাৰী মহকুমাৰ ফুটহিল এলেকাত ভয়ংকৰ দুৰ্ঘটনা । পাৱাৰ গ্ৰীডৰ নিৰ্মীয়মান টাৱাৰ খহি থিতাতে নিহত হৈছে দুজনকৈ শ্ৰমিক । নিহত শ্ৰমিক দুজন ক্ৰমে নগাঁও জিলাৰ কঠিয়াতলী অঞ্চলৰ ধনিৰাম পানিকা আৰু অৰুণ গড় ।
আনহাতে এই দুৰ্ঘটনাত ৰবেন গড় নামৰ আন এজন শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে । তিনিওজন শ্ৰমিকে নিৰ্মীয়মান টাৱাৰত উঠি কাম কৰি থকা অৱস্থাতে টাৱাৰটো খহি পৰাত ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটোৰ পাছতে ততাতৈয়াকৈ সহকৰ্মী সকলে তিনিওজনকে মেৰাপানীৰ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে দুজন শ্ৰমিকক মৃত ঘোষণা কৰে । ইফালে গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত ৰবেন গড়ক উন্নত চিকিৎসাৰ বাবে গোলাঘাট সদৰলৈ প্ৰেৰণ কৰা হৈছে ।
লগতে পঢ়ক: অসমত নহয় লক ডাউন-নৈশ সান্ধ্য আইন : হিমন্ত বিশ্ব শৰ্মা