ETV Bharat / state

Poor condition of govt school: পানীৰ মাজত এখন শিক্ষানুষ্ঠান; একাঠু পানীত শিক্ষা লাভত ব্যস্ত শিক্ষাৰ্থী - চৰকাৰী বিদ্যালয়

ৰাজ্যৰ শিক্ষাখণ্ডৰ এখন পয়া লগা ছবি ৷ পানীৰ মাজত এখন শিক্ষানুষ্ঠান ৷ বিদ্যালয়খনৰ এই দুৰৱস্থাই চিন্তিত কৰি তুলিছে শিক্ষক, শিক্ষাৰ্থী, অভিভাৱক আৰু সচেতন ৰাইজক ৷

Poor condition of govt school in Dergaon
বিদ্যালয়ত কৃত্ৰিম বান
author img

By

Published : Jun 28, 2023, 8:25 AM IST

কৃত্ৰিম বানত কবলত দেৰগাঁৱৰ এখন চৰকাৰী বিদ্যালয়

যোৰহাট, ২৮ জুন: কৃত্ৰিম বানত কবলত দেৰগাঁৱৰ এখন চৰকাৰী বিদ্যালয় ৷ এজাক বৰষুণতেই পানীৰে ভৰি পৰে বিদ্যালয়খনৰ চৌহদ ৷ একাঠু পানীতেই শিক্ষা লাভত ব্যস্ত কণ কণ শিক্ষাৰ্থী ৷ পানীৰ বাবেই সময়ে সময়ে বাতিল কৰিব লগা হয় বিদ্যালয়খনৰ পাঠদান ৷ চৰকাৰী বিদ্যালয়খনৰ এই দুৰৱস্থাই চিন্তিত কৰি তুলিছে শিক্ষক, শিক্ষাৰ্থী, অভিভাৱক আৰু সচেতন ৰাইজক ৷

ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ নেতৃত্বত থকা শিক্ষা বিভাগৰ বাস্তৱ ছবি উদঙাই দিছে এজাক বৰষুণে । এজাক বৰষুণৰ ফলত শ্ৰেণী কোঠা আৰু বিদ্যালয় চৌহদ একাঠু পানীৰে পৰিপূৰ্ণ হৈ পৰিছে ৷ এই দৃশ্য দেৰগাঁও বালিকা উচ্চ বুনিয়াদী বিদ্যালয়ৰ ৷ শ্ৰেণী কোঠা আৰু বিদ্যালয় চৌহদ পানীৰে পৰিপূৰ্ণ হৈ থকাৰ বাবেই বাতিল কৰিব লগা হৈছে বিদ্যালয়ৰ পাঠদান ৷ আনহাতে গেলা আৰু দুৰ্গন্ধময় পানী বিদ্যালয়ত আৱদ্ধ হৈ থকাৰ বাবে কণ কণ শিক্ষাৰ্থীসকলৰ চৰ্ম ৰোগৰ লগতে আন বেমাৰত ভুগিব লগা হৈছে ৷

উল্লেখ্য যে, প্ৰতিবছৰেই বাৰিষাৰ সময়ছোৱাত কৃত্ৰিম বানৰ সমস্যাৰে জৰ্জৰিত হয় ঐতিহ্যমণ্ডিত এই বিদ্যালয়খন ৷ ফলস্বৰূপে সময়ে সময়ে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈ বিদ্যালয়ৰ পৰা উভতি যাব লগা হয় ছাত্ৰ-ছাত্ৰীসকল ৷ কৃত্ৰিম বান সমস্যাৰ সমাধান বিচাৰি বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অভিযোগ দাখিল কৰাৰ পিছতো আজিকোপতি কোনো ধৰণ সুফল পাবলৈ সক্ষম নহ'ল বিদ্যালয়খনে ৷ বিভাগীয় কৰ্তৃপক্ষৰ প্ৰতি শিক্ষক আৰু সচেতনৰ নাগৰিকৰ আহ্বান শীঘ্ৰেই এই কৃত্ৰিম বানৰ সমস্যা ৰোধ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক পৰিৱেশ অটুট ৰখাত গুৰুত্ব প্ৰদান কৰক ৷

বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পাছতো শিক্ষানুষ্ঠানখনৰ এই দুখ লগা পৰিস্থিতি সমাধান কৰিবলৈ কিয় বিভাগে গুৰুত্ব প্ৰদান নাই কৰা বুলি সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে ৷ আনহাতে কৃত্ৰিম বানৰ বাবে এইদৰে পাঠদান কাৰ্যসূচী বিদ্যালয় কৰ্তৃপক্ষই বাৰে বাৰে বাতিল কৰি থাকে তেন্তে শিক্ষাৰ্থী সকলে কেনেদৰে শিক্ষা লাভ কৰিব সেয়া সহজে অনুমেয় ৷

লগতে পঢ়ক: Dergaon municipality: দুৰ্নীতি কৰাৰ প্ৰমাণ দিলে সম্বৰ্ধনা জনাব পৌৰপতিয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.