ETV Bharat / state

Laligur seized in Jorhat: যোৰহাট আৰক্ষীয়ে জব্দ কৰিলে বুজন পৰিমানৰ নিষিদ্ধ লালিগুৰ

author img

By

Published : Jan 28, 2022, 4:52 PM IST

ৰাজ্যত ড্ৰাগছ, সুৰাৰ লগতে অবৈধ লালিগুৰৰ বিৰুদ্ধে অব্যাহত আছে অভিযান (Mission against Laligur in Jorhat) ৷ যোৰহাট আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযান চলাই বৃহৎ পৰিমানৰ লালিগুৰ জব্দ কৰাৰ লগতে মৃদুল পেগু নামৰ এজন লোকক আটক কৰে ৷

Laligur seized in Jorhat
যোৰহাট আৰক্ষীয়ে জব্দ কৰিলে বুজন পৰিমানৰ নিষিদ্ধ লালিগুৰ

যোৰহাট, 28 জানুৱাৰী: যোৰহাটৰ পুলিবৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে অবৈধ সুৰা আৰু লালিগুৰৰ বিৰুদ্ধে অভিযান ৷ চৌগুৰিত বৃহস্পতিবাৰে নিশা অভিযান চলাই জব্দ কৰে অবৈধভাবে ৰখা বিলাতী সুৰাৰ লগতে প্ৰায় এক কুইন্টল লালিগুৰ (Police seized Laligur from godown in Jorhat) ।

বিশেষ সূত্ৰৰ পম খেদি পুলিবৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিত্ত বুঢ়াগোহাঁইৰ নেতৃত্বত চৌগুৰিৰ মৃদুল পেগুৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলাই জব্দ কৰে অবৈধ সামগ্ৰীসমূহ ৷ এই ঘটনা সন্দৰ্ভত পুলিবৰ আৰক্ষীয়ে মৃদুল ভূঞা নামৰ ব্যক্তিগৰাকীক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, 25 জানুৱাৰীত তিনিচুকীয়াতো লালিগুৰৰ ব্যৱসায় কৰা এজন লোকক তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে (Laligur seized in Tinsukia)৷ উমা শংকৰ নামৰ ব্যৱসায়ীজনৰ ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা প্ৰায় ১৫০ টিনতকৈ অধিক নিষিদ্ধ লালিগুৰ তিনিচুকীয়া আৰক্ষীয়ে জব্দ কৰাৰ লগতে ব্যৱসায় প্ৰতিষ্ঠানটোত তলা লগাই দিয়ে ।

লগতে পঢ়ক: মুকলিকৈ ড্ৰাগছৰ বেহা; অসম-নাগালেণ্ড সীমান্তৰ ড্ৰাগছৰ ঘাটিৰ Exclusive দৃশ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.