ETV Bharat / state

Police arrested for assaulting a woman:নাৰী কমনীয়, বহু সময়ত পুৰুষে পাহৰি যায় কৰণীয়

author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 2:34 PM IST

নিশা সুন্দৰী যুৱতীক সহায়ৰ নামত হাত আগবঢ়াই পাহৰিলে দায়িত্ব ৷ যুৱতীৰ পৰা বিচাৰিলে সংগ ৷ এতিয়া তেওঁক ৰঙা ঘৰত আৰক্ষীয়ে দি আছে সংগ । সবিশেষ আগলৈ-

police arrested for assaulting a woman in jorhat
আৰক্ষীয়ে পাহৰিলে দায়িত্ব

যোৰহাট, 8 নৱেম্বৰ : ৰাঘৱ চাই অহা দৰ্শকেই কাল হ’ল তেওঁৰ বাবে ৷ মোহনীয় ৰূপত ভোল গুচি গ’ল তেওঁ ৷ পাহৰি থাকিলে যে তেওঁ এজন টহলদাৰী আৰক্ষী ৷ ৰাতি সহায় বিচাৰি অহা যুৱতীক দস্তুৰমত কথা দিলে সহায় কৰাৰ ৷ কিন্তু টহলদাৰী আৰক্ষীৰ জাগি গ’ল যৌৱন, যুৱতীক ঘৰত থৈ অহাৰ চলেৰে লৈ গ’ল হোটেললৈ ৷

সুন্দৰী যুৱতীক দেখি বান্ধি ৰাখিব নোৱাৰিলে মনৰ কামনা ৷ অলপ সময় ফূৰ্তি কৰাৰ নামত চিৰদিনলৈ দাগ লগালে নিজৰ পোছাকযোৰত ৷ ৰাঘৱ চাই দেৰি হোৱা বাবে নিশা ঘৰলৈ ওভতাৰ পথত সহায় বিচৰা যুৱতীক কাষত বিচাৰি এতিয়া তেওঁ কাষত পাইছে আৰক্ষীক ৷ জেল হাজোতত ভাত খাবলগীয়া হৈছে অসম আৰক্ষীৰ এজন জোৱানে । এই ঘটনা সংঘটিত হৈছে যোৰহাটত ।

Police arrested for assaulting a woman
আৰক্ষীয়ে পাহৰিলে দায়িত্ব

অসম আৰক্ষীৰ এজন জোৱানৰ বাবে বদনামী হ’ল যোৰহাট আৰক্ষী । সুন্দৰী যুৱতীৰ ৰূপ লাৱণ্যৰ প্ৰতি আকৰ্ষিত হৈ যোৰহাট সদৰ আৰক্ষী থানাত কৰ্মৰত আৰক্ষী জোৱান ললিত মির্ধায়ে দিছিল অশ্লীল ইংগিত । এই ঘটনাটো সংঘটিত হৈছিল ৩১ অক্টোৰৰ নিশা । নগৰৰ মাজমজিয়াত থকা চিনেমা হলত ৰাঘৱ নামৰ অসমীয়া ছবিখন চাই ঘৰলৈ উভতিবলৈ অসুবিধা হোৱাত যুৱতীগৰাকীয়ে বিচাৰিছিল সহায়ৰ হাত ৷ সেইমতে সহায়ৰ আশ্বাস দিছিল আৰক্ষী জোৱানজনে ।

আৰক্ষী জোৱানজনে যুৱতী গৰাকীক নিশা ঘৰত থৈ অহাৰ চলেৰে বলপূৰ্বকভাৱে নগৰ মাজমজিয়াত থকা এখন বিলাসী হোটেললৈ লৈ যায় ৷ হোটেলত কোঠা এটা কোঠা বুক কৰি তেওঁ যুৱতীগৰাকীক সহায় কৰি দিয়াৰ বিনিময়ত কোঠাৰ ভিতৰত দিছিল অশ্লীল ইংগিত । 31 অক্টোবৰৰ এই ঘটনাটোৰ কথা ৬ নৱেম্বৰত যুৱতীগৰাকীয়ে বিৱৰি যোৰহাট সদৰ থানাত দাখিল কৰে এজাহাৰ । অৱশেষত আৰক্ষীয়ে যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে কনিষ্টবল ললিত মিৰ্ধাক । ললিত মিৰ্ধাৰ বিৰুদ্ধে 341/342/354/354(A)/506 ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : Demand for punishment for teacher: ছাত্ৰীৰ আত্মহত্যাৰে নাম সাঙোৰ খোৱা শিক্ষকক শাস্তি প্ৰদানৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.