ETV Bharat / state

স্থগিত হ’ল অ’এনজিচিৰ তৈলক্ষেত্ৰ অৱৰোধ কাৰ্যসূচী

author img

By

Published : Apr 29, 2021, 10:35 PM IST

সাময়িকভাৱে স্থগিত ৰখা হয় তিতাবৰ বৰহোলাৰ অ’এনজিচিৰ তৈলক্ষেত্ৰ অৱৰোধ । বৃহস্পতিবাৰে, কেইবাটাও জাতীয় সংগঠনে ৰূপায়ন কৰিছিল তিতাবৰৰ বৰহোলাস্থিত অ’এনজিচিৰ তৈলক্ষেত্ৰ অৱৰোধৰ কাৰ্যসূচী ।

ongc-block-cancelled
বাতিল হ’ল অএনজিচিৰ তৈল ক্ষেত্ৰ অৱৰোধ

তিতাবৰ, 29 এপ্ৰিল : লাকুৱাৰ অ’এনজিচি ৰীগৰ পৰা অপহৃত তিতাবৰ নাঙল গাঁৱৰ যুৱক ৰিতুল শইকীয়াক সোঁ-শৰীৰে উদ্ধাৰৰ দাবীৰ লগতে আন বহু কেইটা দাবী লৈ বৃহস্পতিবাৰৰ দিনটোত তিতাবৰৰ কেইবাটাও জাতীয় সংগঠনে ৰূপায়ন কৰিছিল তিতাবৰৰ বৰহোলাস্থিত অ’এনজিচিৰ তৈলক্ষেত্ৰ অৱৰোধৰ কাৰ্যসূচী ।

বাতিল হ’ল অএনজিচিৰ তৈল ক্ষেত্ৰ অৱৰোধ

অৱশেষত, বৃহস্পতিবাৰে অ’এনজিচি কৰ্তৃপক্ষ, তিতাবৰ মহকুমা প্ৰশাসন আৰু তিতাবৰৰ কেইবাটাও দল সংগঠনৰ মাজত অনুষ্ঠিত হয় এলানি আলোচনা । এই আলোচনাতে অ’এনজিচিৰ কৰ্তৃপক্ষই দাবী সমূহ ৰূপায়ণ কৰিম বুলি লিখিত প্ৰতিশ্ৰুতি দিয়ে সংগঠন কেইটাক । স্বাভাৱিকতেই, লিখিত প্ৰতিশ্ৰুতি লাভৰ পিচত দল-সংগঠন কেইটাই সাময়িকভাৱে স্থগিত ৰাখিছে তিতাবৰস্থিত অ’এনজিচিৰ তৈলক্ষেত্ৰ অৱৰোধ কাৰ্যসূচী ।

লগতে পঢ়ক : কোন হ'ব মৰাণৰ পৰৱৰ্তী বিধায়ক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.