যোৰহাট, ১৮ ডিচেম্বৰ: দুলীয়াজানত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশনৰ প্ৰতিনিধি সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি যোৰহাটত স্থাপন কৰা হ'ল প্ৰথমটো বেচৰকাৰী নিয়োগ বিনিময় কেন্দ্ৰ । আছুৰ উদ্যোগত আৰু GICCৰ সহযোগত যোৰহাটত শুক্ৰবাৰে উদ্ধোধন কৰা হয় এই বেচৰকাৰী নিয়োগ বিনিময় কেন্দ্ৰটো । সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথে উদ্ধোধন কৰা এই অনুষ্ঠানত উপস্থিত থাকে ছাত্ৰ সন্থাৰ বহুকেইগৰাকী বিষয়ববীয়া ।
দুলীয়াজানত অনুষ্ঠিত হোৱা আছুৰ কেন্দ্ৰীয় অধিৱেশনৰ প্ৰতিনিধি সভাত হোৱা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে, ৰাজ্যৰ বিভিন্ন স্থানত বেচৰকাৰী নিয়োগ বিনিময় কেন্দ্ৰ স্থাপন কৰা হৈছে । সেই সিদ্ধান্তক বাস্তৱ ৰূপত প্ৰতিফলিত কৰি আজি যোৰহাটত স্থাপন কৰা হ'ল প্ৰথমটো বেচৰকাৰী নিয়োগ বিনিময় কেন্দ্ৰ । বিভিন্ন সময়ত বিভিন্ন অজুহাতত চৰকাৰী,বেচৰকাৰী চাকৰিৰ পৰা বঞ্চিত হোৱা শিক্ষিত অসমীয়া নিবনুৱাৰ বাবে হয়তু এই নিয়োগ বিনিময় কেন্দ্ৰ হ'ব আশাৰ এটি ৰেঙনি ।
আনহাতে, দীপাংক নাথে মন্তব্য কৰে যে,পৰ্যায় ক্ৰমে ৰাজ্যৰ বিভিন্ন জিলাত মুকলি কৰা হ'ব একো একোটা কেন্দ্ৰ । সদৌ অসম ছাত্র সন্থাৰ এই পদক্ষেপৰ জৰিয়তে জিলাখনৰ বহু শিক্ষিত নিবনুৱা উপকৃত হোৱাৰ আশা কৰিব পাৰি ।
লগতে পঢ়ক:ইউ পি পি এলৰ বাবে বি পি এফ নহয়, বিজেপিহে এতিয়া ভয়ৰ