যোৰহাট, 03 জুন : এতিয়াৰ পৰা আপুনি সন্তানৰ শিক্ষাৰ নামত অত্যধিক মাচুলৰ বোজাৰ পৰা হয়তো সকাহ পাব ৷ কাৰণ ব্যক্তিগত শিক্ষানুষ্ঠান সমূহে নিজৰ খেয়াল-খুচি মতে বৃদ্ধি কৰিব নোৱাৰিব বিদ্যালয়ৰ মাচুল ৷ কিয়নো এই সন্দৰ্ভত ৰাজ্য চৰকাৰে লৈছে কঠোৰ পদক্ষেপ ৷
ৰাজ্যৰ শিক্ষা বিভাগে , ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সমূহে অত্যধিক মাচুল সংগ্ৰহ কৰি শিক্ষাৰ্থীৰ অভিভাৱকৰ ওপৰত মাধমাৰ শোধাই অহা কাৰ্য ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক ঐতিহাসিক পদক্ষেপ ৷ ইতিমধ্যে ৰাজ্য চৰকাৰে একন ছজনীয়া মাচুল নিয়ন্ত্ৰণ সমিতি গঠন কৰি এই নতুন নীতি কাৰ্যকৰী কৰা দিশত আগবাঢ়িছে ৷ উল্লেখ্য যে, এই কমিটিখনে মাচুলৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব ৷ আনহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ব্যৱস্থা সলনি কৰি নতুনকৈ নিৰ্ধাৰণ কৰিব বিচৰা শিক্ষা নীতিক যোৰহাটৰ সচেতন ৰাইজে আদৰণি জনাইছে ৷