ETV Bharat / state

টীয়কত পল্লৱ লোচন দাসৰ প্ৰতিকৃতি দাহ

author img

By

Published : Oct 15, 2020, 9:58 PM IST

টীয়কত সাংসদ পল্লৱ লোচন দাসৰ প্ৰতিকৃতি দাহ ৷ চাহ মজদুৰৰ দৈনিক মজুৰী বৃদ্ধিৰ ক্ষেত্ৰত ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালনত ব্যৰ্থতাৰ অভিযোগ তুলি সাংসদ গৰাকীৰ বিৰুদ্ধে এনেদৰে ক্ষোভ উজাৰে আদিবাসী ছাত্ৰ সন্থাই ৷

টীয়কত পল্লৱ লোচন দাসৰ প্ৰতিকৃতি দাহ
টীয়কত পল্লৱ লোচন দাসৰ প্ৰতিকৃতি দাহ

টীয়ক, 15 অক্টোবৰ: চাহ মজদুৰ সকলৰ দৈনিক মজুৰি প্ৰদানৰ ক্ষেত্ৰত কৰা মন্তব্যক লৈ সাংসদ পল্লৱ লোচন দাসৰ বিৰুদ্ধে ক্ষোভ আদিবাসী ছাত্ৰ সন্থাৰ ৷ সাংসদ গৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰি টীয়কত আদিবাসী ছাত্ৰ সন্থাই সাংসদ পল্লৱ লোচন দাসৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলৰ অভিযোগ কৰে যে, প্ৰত্যেক বাৰেই নিৰ্বাচনৰ আগে আগে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে চাহ মজদুৰ সকলৰ দৈনিক মজুৰী 350 টকালৈ বৃদ্ধি কৰিব বুলি আশ্বাস দিয়ে ৷ 2016 ৰ নিৰ্বাচনো ইয়াৰ ব্যতিক্ৰম নাছিল ৷ কিন্তু গাদী দখলৰ পূৰ্বে বিজেপিৰ হৈ মজুৰী বৃদ্ধিৰ আশ্বাস দিয়া প্ৰাক্তন শ্ৰমমন্ত্ৰী তথা বৰ্তমানৰ সাংসদ গৰাকীয়ে বৰ্তমান চাহ শ্ৰমিকৰ মজুৰী বৃদ্ধি কৰাৰ যুক্তি ক’ত বুলি প্ৰশ্ন কৰাত চাহ শ্ৰমিক সকল ক্ষোভিত হৈ পৰে ৷

টীয়কত সাংসদ পল্লৱ লোচন দাসৰ প্ৰতিকৃতি দাহ

সাংসদ গৰাকীয়ে এই মন্তব্য প্ৰদান কৰাৰ পাছতে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাট জিলাৰ টীয়কৰ মেলেংত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ নিৰ্দেশ মৰ্মে লাহদৈগড় আঞ্চলিক সমিতিয়ে সাংসদগৰাকীৰ এনে মন্তব্যত ক্ষোভ প্ৰকাশ কৰি প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। 'বিজেপি চৰকাৰ মুৰ্দাবাদ' , 'পল্লৱ লোচন দাস গ’ বেক' আদি শ্ল'গানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে নিৰ্বাচনৰ পূৰ্বে দৈনিক মজুৰী বৃদ্ধি নকৰিলে সংগঠনটোৱে নিৰ্বাচন বৰ্জনৰো হুংকাৰ প্ৰদান কৰে।

লগতে পঢ়ক: টীয়কত চৰকাৰী আঁচনিৰ পৰা বঞ্চিত বিজেপি কৰ্মীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.