ETV Bharat / state

Women Missing : বিবাহিতা মহিলা সন্ধানহীন; দুভৰ্গীয়া পৰিয়ালৰ এজাহাৰ গুৰত্ব নিদিয়াৰ অভিযোগ মৰিয়নী আৰক্ষীৰ বিৰুদ্ধে - মৰিয়নী আৰক্ষী

মৰিয়নী আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ এজাহাৰ গুৰুত্ব নিদিয়াৰ অভিযোগ মৰিয়নী আৰক্ষীৰ বিৰুদ্ধে ৷

Married Women Missing With Child in Mariani
সন্তানসহ সন্ধানহীন বিবাহিতা মহিলা
author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 8:08 PM IST

আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ

যোৰহাট, 28 ছেপ্টেম্বৰ : গোলাঘাট আৰক্ষীৰ পাছত মৰিয়নী আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ এই অভিযোগ উত্থাপন কৰিছে মৰিয়নীৰ এখন গাঁৱৰ ৰাইজে ৷

অভিযোগ অনুসৰি মৰিয়নী নাগাজংকা শান্তিপুৰ গাঁৱৰ শেৱালী দুৱৰা নামৰ এগৰাকী বিবাহিতা মহিলা তেওঁৰ এবছৰীয়া কন্যা সন্তানক লগত লৈ 22 ছেপ্টেম্বৰৰ দিনা ঘৰৰ কাষতে থকা অংগনবাড়ী কেন্দ্ৰলৈ চাউল আনিবলৈ গৈছিল ৷ ইয়াৰ পাছৰ পৰাই সন্তানসহ সন্ধানহীন হৈ আছে মহিলা গৰাকী ৷

এই ঘটনাৰ বিষয়ে গাঁৱৰ মহিলাই মৰিয়নী থানাত এখন এজাহাৰ দাখিল কৰিছিল যদিও বিগত 6 টা দিনে মৰিয়নী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে গাঁওবাসীয়ে ৷ মৰিয়নি থানাত কৰ্মৰত জনৈক দাস নামৰ আৰক্ষী বিষয়াজনক এই বিষয়ে মহিলা সকলে প্ৰশ্ন কৰাত তেওঁ উত্তৰত "ভাত খাবলৈকে সময় নাই আপোনালোক পাচত আহিব" বুলি কৈ উভতাই পঠিয়াই দিয়াৰ অভিযোগ তুলিছে পৰিয়াল আৰু গাঁওবাসীয়ে ৷

লগতে পঢ়ক : MP rape case : নিৰ্যাতনৰ বলি কিশোৰী, ঘৰে ঘৰে সহায় বিচাৰিও নাপালে সঁহাৰি

আৰক্ষীৰ এই ব্যৱহাৰত ক্ষুন্ন হৈ সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিছাৰিলে পৰিয়ালৰ লোকৰ লগতে গাঁৱবাসীয়ে ৷ উল্লেখ্য যে, সন্ধানহীন শেৱালীৰ স্বামী কৰ্ম সূত্ৰে বাংগালোৰত আছিল ৷ বুধবাৰে বাংগালোৰৰ পৰা নিজ গৃহত উপস্থিত হৈ স্বামী ৰাহুল দুৱৰাৰ পত্নীলৈ অনুৰোধ, "শেৱালি তুমি যতেই আছা ঘৰলৈ গুচি আহা ৷ মই তোমাৰ কাৰণেইতো বাহিৰলৈ গৈছিলো, তুমি গুচি আহা মই কালি ঘৰ পালোহি ৷" নিৰুদ্দেশ হৈ থকা বিবাহিতা মহিলা গৰাকীৰ সন্ধান পালে ৬৯০১৮৭৬৫৭৬ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়াল লোকে ৷

লগতে পঢ়ক : Viral Audio Case : লাচিত গগৈ, মিলন বৰগোঁহাইৰ ভাইৰেল অডিঅ’ গোচৰ; বোকাজানৰ দুই পলাতক সাংবাদিকক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.