ETV Bharat / state

যোৰহাটত মাইক্ৰ ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ, আৰক্ষীৰে হতাহতি শতাধিক মহিলাৰ - lady protest News

যোৰহাটত প্ৰায় ৩২ টাকৈ মাইক্ৰ ফাইনেন্স কোম্পানীয়ে সহজ-সৰল নাগৰিকক লুটি-পুটি খোৱাৰ অভিযোগ একাংশ মহিলাৰ ৷ অতি শীঘ্ৰে মাইক্ৰ ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী ভুক্তভোগী মহিলাৰ ৷

ETV BHARAT
যোৰহাটত মাইক্ৰ ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
author img

By

Published : Dec 4, 2019, 7:00 PM IST

যোৰহাট, 4 ডিচেম্বৰঃ যোৰহাটত মাইক্ৰ ফাইনেন্স কোম্পানী ফিউজনৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত ৷ ভোটাৰ কাৰ্ড, পেন কাৰ্ড জালিয়াতি কৰি ঋণ প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ ফাইনেন্স কোম্পানীটোৰ বিৰুদ্ধে ৷

যোৰহাটৰ ফুকন আলিস্থিত মাইক্ৰ ফাইনেন্স কোম্পানী ফিউজনৰ কাৰ্যালয়ৰ সন্মুখত ভুক্তভোগী মহিলাৰ উত্তাল প্ৰতিবাদ ৷ অৱশেষত মহিলা সকলক দণ্ডাধীশে আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰাতহে পৰিস্থিতিৰ শাম কাটে ।

যোৰহাটত মাইক্ৰ ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

উল্লেখযোগ্য যে, বৰ্তমানৰ সময়ত যোৰহাটতে প্ৰায় ৩২ টাকৈ মাইক্ৰ ফাইনেন্স কোম্পানীয়ে জিলা খনৰ চুকে-কোণে ব্যৱসায় চলাই আছে । উক্ত মাইক্ৰ ফাইনেন্স কোম্পানীসমুহে গ্ৰাম্য সমাজৰ সহজ-সৰল মহিলাসকলক একপ্ৰকাৰ হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । বিশেষকৈ ফিউজন নামৰ মাইক্ৰ ফাইনেন্স কোম্পানীৰ একাংশ বিষয়াই ভোটাৰ কাৰ্ড, পেন কাৰ্ড জালিয়াতি কৰি ঋণ প্ৰদান কৰি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ আনহাতে এই কোম্পানীৰ একাংশ বিষয়াই ঋণ পৰিশোধ তথা আদায়ৰ নামত মহিলাক অশ্লীল ব্যৱহাৰ আনকি ঘৰৰ সা-সম্পত্তি বিক্ৰী কৰি ঋণ আদায় কৰে বুলিও আন এক গুৰুতৰ উত্থাপিত হৈছে ৷ কোম্পানীটোৰ উক্ত কামত ক্ষোভিত হৈ উত্তেজিত মহিলা সকলে কোম্পানীটোৰ কাৰ্যালয়ত তলা বন্ধ কায্যসূচী গ্ৰহণ কৰিব আহি এক অনাকাংশিক পৰিস্থিতিৰ সৃষ্টি হয়।

লগতে পঢ়ক- কোনো কাৰণত মানি লোৱা নহ'ব নাগৰিকত্ব সংশোধনী বিধেয়কঃ আছু

মাইক্ৰ ফাইনেন্স কোম্পানী *ফিউজন* বিৰুদ্ধে ৰণচন্ডী ৰূপ মহিলাৰ।।আৰক্ষীৰে হতাহতি ভুক্তভুগি মহিলাৰ।।প্ৰতিবাদত উত্তাল মাইক্ৰ ফাইনেন্স কোম্পানীৰ কায্যলয়ৰ।।

যোৰহাটৰ ফুকন আলিস্হীত মাইক্ৰ ফাইনেন্স কোম্পানী ফিউজনৰ কায্যলয়ৰ সন্মুখত আজি ভুক্তভুগি মহিলাৰ উত্তাপ প্ৰতিবাদী কায্যসুচি গ্ৰহণ।মহিলাৰ সৈতে আৰক্ষীৰ হতাহতি পয্যন্ত হৈ পৰে।ইমানতো শান্ত নোহোৱা মহিলা সকলক দন্ডাধীশে আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰা শেষতহে পৰিস্থিতিৰ শাম কাটে।উল্লেখযোগ্য যে বৰ্তমানৰ সময়ত যোৰহাটতে প্ৰায় ৩২ টাকৈ মাইক্ৰ ফাইনেন্স কোম্পানীয়ে জিলা খনৰ চুকে-কোণে ব্যৱসায় চলাই আছে।প্ৰথম অৱস্থাত মাইক্ৰ ফাইনেন্স কোম্পানীৰ কাৰুকায্য সুস্হিৰ যেন লাগিলেও বাস্তৱত মাইক্ৰ ফাইনেন্স কোম্পানীয়ে গ্ৰাম্য সমাজৰ সহজ সৰল মহিলা সকলক একপ্ৰকাৰ হাৰাশাস্তি কৰাৰ গুৰুত্ব অভিযোগ উত্থাপিত হৈছে।বিশেষকৈ ফিউজন নামৰ মাইক্ৰ ফাইনেন্স কোম্পানীৰ একাংশ বিষয়াই ভোটাৰ কাৰ্ড,পেন কাৰ্ড জালিয়াতি কৰি ঋণ প্ৰদান কৰি আহিছে।আনহাতে এই কোম্পানীৰ একাংশ বিষয়াই ঋণ পৰিশোধ তথা আদায়ৰ নামত মহিলাক অশ্লীল ব্যৱহাৰ আনকি ঘৰৰ আচবাচ বিক্ৰী কৰি ঋণ আদায়ৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত কৰি আজি কোম্পানীৰ কায্যলয়ৰ তলা বন্ধ কায্যসুচি গ্ৰহণ কৰিব আহি আনাকাংশিক পৰিস্থিতিৰ সৃষ্টি হয়।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.