ETV Bharat / state

সুৰা ট্ৰেজেদিৰ কৰুণ ছবি

author img

By

Published : Feb 24, 2019, 8:26 PM IST

খৰিৰ অভাৱত কবৰস্থ কৰা হ'ল ৮ জনকৈ লোকৰ মৃতদেহ

সুৰা ট্ৰেজেদিৰ কৰুণ ছবি

যোৰহাট,২৪ ফেব্ৰুৱাৰীঃ মৃত্য়ু এতিয়া নিত্যান্তই সহজলভ্য় ঘটনা হৈ পৰিছে গোলাঘাট আৰু যোৰহাট জিলাৰ চাহ অধ্যুসিত অঞ্চল সমূহত। এতিয়াও অব্য়াহত আছে শতিকাৰ সৰ্ববৃহত কৰুণ ঘটনা হিচাপে পৰিগণিত হোৱা বিষাক্ত সুৰা ট্ৰেজেডিৰ ভয়ানক পাৰ্শ্বক্ৰিয়া। আত্মীয়ক হেৰুৱাই ঘৰে ঘৰে কান্দোনৰ ৰোল উঠাৰ পাচতেই এতিয়া সংঘটিত হৈছে আন এক কৰুণ ঘটনা। হিন্দু ধৰ্মীয় ৰিতি নীতি অনুসৰি আপোন জনৰ মৃত দেহ সৎকাৰ কৰিবলৈও খৰিৰ ভয়ানক সংকতে দেখা দিছে যোৰহাটৰ বৰহোলা অঞ্চলত। নজিৰ বিহিন ভাৱে খৰিৰ অভাৱত কবৰস্থ কৰা হ'ল ৮ জনকৈ হিন্দু ধৰ্মাৱলৰম্বী লোকৰ মৃতদেহ।

সুৰা ট্ৰেজেদিৰ কৰুণ ছবি

এই ঘটনাই ব্য়াপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ অঞ্চলবাসীয়ে সমগ্ৰ ঘটনাৰ বাবে দোষাৰোপ কৰিছে চৰকাৰক। চৰকাৰৰ আৱকাৰী বিভাগৰ চুৰান্ত ব্যৰ্থতাৰ বাবেই বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকসকলক চিকিৎসা প্ৰদান কৰাটো ব্যৰ্থ হৈছিল স্বাস্থ্য বিভাগ। সকলো প্ৰকাৰে ব্যৰ্থ হোৱা চৰকাৰ খনে অৱশেষত মৃতকৰ সৎকাৰৰ বাবে খৰি যোগান ধৰিব নোৱাৰা ঘটনাক একেমুখে গৰিহণা দিছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় লোক সকলে।

শতিকাৰ কৰুণ ঘটনা।।খৰিৰ অভাৱত হিন্দুৰ মৃতদেহ কৱৰ দিলে বৰহোলাত।।

চৰকাৰী বিভাগৰ কৃপাত ঘৰে ঘৰে এতিয়া সুলভ সুৰাৰ।যাৰফলত এতিয়া সহজ হৈ পৰিছে মৃত্যু।তাকো চৰকাৰী ব্যৱস্থা আৰু চৰকাৰৰ কৃপাত।শতাধিক লোকৰ মৃত্যু ইতিমধ্যে ঘটিছে বিষাক্ত সুৰা সেৱন কাৰীৰ।কিন্তু এতিয়াও গা লৰা নাই প্ৰশাসনৰ।অবাধে চলি আছে বিষাক্ত সুৰাৰ বিক্ৰী আৰু প্ৰচলন।গোলাঘাট আৰু যোৰহাটৰ বৰহোলা অঞ্চলত মৃত্যুৰ কিৰিলি।এটোৰ পিচত মৃতদেহ আনিছে গাওঁবোৰলৈ।কিন্তু খৰিৰ অভাৱত ৮ জনকৈ।হিন্দু ধর্মৰ লোকক দাহ কৰাৰ বিপৰীতে কৱৰ দিলে গাওঁ বাসীয়ে।এই ঘটনাই।সৰ্বত্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।যুগ যুগ ধৰি শোষণৰ বলি হোৱা দুৰ্ভগীয়া  বাগানৰ লোক সকলে নিজৰ আত্মিয় মৃতদেহ দাহ কৰাৰ বিপৰীতে দিব লগিয়া হৈছে কৱৰ।এইয়া হল পৰিবৰ্তন কামী বিজেপি চৰকাৰৰ প্ৰকৃত ৰূপ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.