যোৰহাট, 27 ফেব্ৰুৱাৰীঃ যোৰহাটৰ চিনামৰাস্থিত গাট্টানী উদ্যোগৰ বিৰুদ্ধে এইবাৰ জাঙুৰ খাই উঠিল অঞ্চলবাসী । ৰাইজৰ অভিযোগ উদ্যোগপতি মাখন গাট্টানীৰ শোষণৰ বলি হৈছে অঞ্চলটোৰ খাটিখোৱা অসমীয়া । গাট্টানী উদ্যোগটোৰ পৰা নিৰ্গত হোৱা ধোঁৱাই প্ৰদূষণৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত । সেই ধোঁৱাৰ ফলতেই শিশু সকলৰ গাত অচিন ৰোগে দেখা দিয়া অভিযোগ উত্থাপন স্থানীয় লোকৰ । এই বিষয়ে স্বত্বাধিকাৰীক বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো কোনো বিহীত ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত উদ্যোগপতিৰ বিৰুদ্ধে ক্ষোভিত হৈ আজি উদ্যোগটোৰ গেট বন্ধ কাৰ্যসূচী ৰূপায়ন কৰে অঞ্চলটোৰ ৰাইজে । কিন্তু পৰিস্থিতি আৰু পৰিৱেশ উত্তপ্ত হোৱাৰ আশংকা কৰি উপস্থিত হয় যোৰহাট জিলা প্ৰশাসনৰ উচ্চ বিষয়া আৰু আৰক্ষী । আনহাতে, পূৰ্বৰ প্ৰতিশ্ৰুতি মৰ্মে শীঘ্ৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে অনাগত দিনত জংগী আন্দোলনৰ হুংকাৰ স্থানীয় লোকৰ ।
আৰু পঢ়কঃ অৰুণাচলৰ নামচাইত অবৈধ আফিং খেতিৰ বিৰুদ্ধে অভিযান !