যোৰহাট, 14 ফেব্ৰুৱাৰী : দেওবাৰে যোৰহাট জিলাৰ পুলিবৰৰ আৰক্ষীৰ থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰা হয় ৷ ভৱনটো উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ হোজাই জিলাৰ সদৰ থানাৰ পৰা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভৱনটো উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে ৷

উল্লেখ্য যে, 'মৈত্ৰী' আঁচনিৰ অধিনত ৰাজ্যৰ প্ৰতিখন থানাৰ গৃহসমূহ নতুন ৰূপত সজাই তোলা হৈছে ৷ পুলিবৰৰ আৰক্ষীৰ থানাৰ নতুন গৃহ উদ্বোধনী অনুষ্ঠানত উজনি অসমৰ ডি আই জি শিৱ প্ৰসাদ গাঞ্জেৱাল, যোৰহাটৰ আৰক্ষী অধীক্ষক মৃনাল তালুকদাৰ, পুলিবৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, বিজেপিৰ জিলা সভাপতি আৰু সম্পাদক ক্ৰমে কামাখ্যা মোহন দাস, ঈশ্বৰ প্ৰসন্ন বৰদলৈ আদি উপস্থিত থাকে ৷

লগতে পঢ়ক: ই-অফিচ আঁচনি ৰূপায়ণৰ বাবে কম্পিউটাৰ বিতৰণ