ETV Bharat / state

মাজুলীত ৰাস, নিমাতী কমলাবাৰী ঘাটত উখল মাখল

author img

By

Published : Nov 12, 2019, 6:26 PM IST

Updated : Nov 12, 2019, 7:58 PM IST

সত্ৰীয়া সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ মাজুলীৰ ৰাস চাবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজৰ লানি নিচিগা সোঁত বৈছে ৷ কেনোবা যদি লখিমপুৰ ঢকুৱাখনা হৈ গৈছে কোনোবা যোৰহাটৰ নিমাতী কমলাবাৰী ঘাটে দিয়েই বাট লৈছে মাজুলীলৈ ৷ বগীবিল দলং হোৱাৰ পিচত যাতায়তৰ ক্ষেত্ৰত সুচল হৈছে পূৰ্বতকৈ ৷

মাজুলীত ৰাস, নিমাতী কমলাবাৰী ঘাটত উখল মাখল

যোৰহাট, 12 নৱেম্বৰঃ মাজুলীত আৰম্ভ হৈছে ৰাস,ইফালে উথপ-থপ লাগিছে যোৰহাটৰ নিমাতী কমলাবাৰী ঘাটত ৷ চৌদিশে ব্যস্ততাৰ অন্ত নাই,অপাৰ জনসমুদ্ৰ যোৰহাটৰ নিমাতী কমলাবাৰী ঘাটত ৷ মাজুলীৰ ৰাস উপলক্ষে নিমাতী কমলাবাৰী ঘাটত বিগত দুটা দিন ধৰি এক অন্যান্য পৰিৱেশে বিৰাজ কৰিছে ইটো পাৰে ৷ মাজুলী অভিমুখে অবিৰামভাৱে ইখনৰ পিচত সিখন ফেৰী চলিছে পুৱাৰ পৰা ৷ সমান্তৰালভাৱে যাত্ৰীয়ে ঠাহ খাই পৰিছে প্ৰতিখন ফেৰীত ৷

JORHAT NIMATIGHAT FERRY SERVICE DURING RASH LELA OF ASSAM
যোৰহাটৰ নিমাতী কমলাবাৰী ঘাটত যানবাহন আৰক্ষীৰ ব্যস্ততা

সত্ৰীয়া সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ মাজুলীৰ ৰাস চাবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজৰ লানি নিচিগা সোঁত বৈছে ৷ কেনোবা যদি লখিমপুৰ ঢকুৱাখনা হৈ গৈছে কোনোবা যোৰহাটৰ নিমাতী কমলাবাৰী ঘাটে দিয়েই বাট লৈছে মাজুলীলৈ ৷ বগীবিল দলং হোৱাৰ পিচত যাতায়তৰ ক্ষেত্ৰত সূচল হৈছে পূৰ্বতকৈ ৷

মাজুলীলৈ বুলি ফেৰীৰে যাত্ৰা একাংশ যাত্ৰীৰ

সংস্কৃতিৰ বৰঘৰ স্বৰূপ মাজুলীত এতিয়া উখল মাখল পৰিৱেশ বিৰাজ কৰাৰ বিপৰীতে নিমাতী কমলাবাৰী ঘাটত ব্যাপক ভিৰ হোৱা পৰিলক্ষিত হৈছে ৷ যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে ঘাটত যোৰহাটৰ যান বাহন আৰক্ষীয়ে অহৰ্নিশে দায়িত্ব পালন কৰিব লগা হৈছে ৷ কিয়নো ৰাসৰ সময়ছোৱাত মাজুলীলৈ দৈনিক ৫০০ খন লঘু বাহন আৰু ৩০০০ খনকৈ দুচকীয়া বাহন পাৰ হৈছে নিমাতী কমলাবাৰী ঘাটেদি ৷

মাজুলীলৈ যোৱা যোৰহাটৰ নিমাতী কমলাবাৰী ঘাট
এই দৃশ্য নিমাতী কমলাবাৰী ঘাটৰ ৷ ইয়াৰ উপৰিও দক্ষিণপাট,চুমৈয়মাৰী,শালমৰা ঘাটতো ভিৰ হোৱা পৰিলক্ষিত হৈছে যদিও পূৰ্বৰ তুলনাত ভিৰ কমিছে নিমাতী ঘাটত। আনহাতে যাত্ৰীৰ সুবিধাৰ্থে প্ৰতি ২৫ মিনিটৰ মূৰে মূৰে ফেৰীৰ ব্যৱস্থা কৰিছে জল পৰিবহন বিভাগে ।

লগতে চাওকঃৰাস উপলক্ষে মুছলমান ৰাইজে দলং সাজি দেখুৱালে সম্প্ৰীতিৰ নিদৰ্শন

মহাৰাসৰ আনন্দত সমগ্র ৰাজ্য।সংকৃতিৰ বৰঘৰ স্বৰূপ মাজুলীত এতিয়া উখল মাখল পৰিৱেশ।তাৰ প্ৰতিফলন এতিয়া নিমাটি ঘাটত।যোৱা দুটা দিন ধৰি নিমাটি ঘাটৰ পৰিবেশ হৈ পৰিছে অন্যান্য।ৰাস দৰ্শন কৰিবলৈ যোৱা দৰ্শানাৰ্থীৰ ভিৰ যোৱা বৰ্ষতকৈ বহু কম হোৱা পৰিলক্ষিত হৈছে ইয়াৰ একমাত্ৰ কাৰণ বগীবিল দলং।যাৰফলত যোৰহাটৰ নিমাটি ঘাটত পূৰ্বৰ তুলনাত এইবাৰ ভিৰ কম হোৱা দেখা পোৱা গৈছে।ইতিমধ্যে যোৰহাট যান-বাহন আৰক্ষী বিভাগৰ পৰা সু-শৃংখলা বদ্ধ ভাৱে বাহনৰ ভিৰ প্ৰতি লক্ষ্য ৰাখি বাহনৰ বাবে বেৰিকেড কৰি দিয়া হৈছে।যাতে কোনোধৰণৰ অপ্ৰয়োজনীয় পৰিবেশ সৃষ্টি নহয়।দৈনিক ৫০০ খন লঘু বাহন আৰু ৩০০০ খনকৈ দুচকীয়া বাহন পাৰ হৈছে নিমাটি ঘাটেদি মাজুলীলৈ।কিন্তু এইয়া হৈছে নিমাটি কমলাবাৰী ঘাটৰ দৃশ্য হে।ইয়াৰ উপৰিও দক্ষিণ পাট,চুমৈয়মাৰী,শালমৰা ঘাটতো ভিৰ হোৱা পৰিলক্ষিত হৈছে যদিও পূৰ্বৰ তুলনাত বহু কম ভিৰ নিমাটি ঘাটত।আনহাতে যাত্ৰী সুবিধাৰ্থে প্ৰতি ২৫ মিনিটৰ মুৰে মুৰে ফেৰী ব্যৱস্থা কৰিছে জল পৰিবহন বিভাগে।
Last Updated : Nov 12, 2019, 7:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.