ETV Bharat / state

EM Ajanta neog at Jorhat: নিৰ্মাণ সম্পূৰ্ণ; আগষ্টত মুকলি হ'ব যোৰহাট ন-আলি সংযোগী উৰণীয়া সেঁতু

author img

By

Published : Jul 1, 2023, 1:14 PM IST

নিৰ্মাণ সম্পূৰ্ণ হ’ল যোৰহাটৰ প্ৰথমখন উৰণীয়া সেঁতু ৷ আগষ্টত মুকলি কৰা হ'ব যোৰহাট ন-আলি সংযোগী উৰণীয়া সেতু ৷

EM Ajanta neog at Jorhat
সম্পূৰ্ণ হ’ল যোৰহাটৰ প্ৰথমখন উৰনীয়া সেতুৰ নিৰ্মাণ

যোৰহাট, 1 জুলাই: আগষ্ট মাহত মুকলি কৰা হ'ব যোৰহাট ন-আলি সংযোগী উৰণীয়া সেঁতু ৷ যোৰহাটৰ মহাত্মা গান্ধী পথত তথা বিদ্যুৎ ভৱনৰ পৰা বঙাল পুখুৰী সংযোগী যোৰহাট ন-আলি উৰণীয়া সেঁতু যাতায়তৰ বাবে মুকলি কৰি দিয়া হ'ব চলিত বৰ্ষৰ আগষ্ট মাহত ৷ প্ৰায় নিৰ্মাণ সম্পূৰ্ণ হোৱা উৰণীয়া সেঁতুখন পৰিদৰ্শন কৰি এই কথা ঘোষণা কৰে ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰী তথা যোৰহাটৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে ৷

আনহাতে স্থানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে কয় যে, যোৰহাট ন-আলি উৰণীয়া সেঁতু ৰাইজ বাবে মুকলি কৰি দিয়াৰ পাছতেই চিনামৰা উৰণীয়া সেঁতু নিৰ্মাণৰ কাম আৰম্ভ হ'ব ৷ ইতিমধ্যে প্ৰস্তাৱিত এই উৰণীয়া সেঁতুখনৰ নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে ৷ উল্লেখযোগ্য যে, যে 854.68 কিলোমিটাৰ দৈৰ্ঘৰ যোৰহাটৰ ন-আলি সংযোগী এই উৰণীয়া সেঁতুখনৰ নিৰ্মাণ বাবে 67.76 কোটি টকাৰ পুঁজি নিৰ্ধাৰণ কৰা হৈছিল ৷

লগতে পঢ়ক : Assam Gunotsav: গুণোৎসৱত বেয়া ফল দেখুওৱা বিদ্যালয়ৰ বিৰুদ্ধে লোৱা হ’ব অনুশাসনমূলক ব্যৱস্থা; শিক্ষামন্ত্ৰী

এই উৰণীয়া সেঁতুখন পৰিদৰ্শন কৰাৰ সময়ত জিলাখনৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগক সংগ দিয়ে যোৰহাট সমষ্টি বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজোতি কুৰ্মী, সাংসদ তপন কুমাৰ গগৈ আৰু জিলা আয়ুক্ত পুলক মহন্তই ৷ 2018 বৰ্ষৰ ছেপ্টেম্বৰ মাহত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দ্বাৰা যোৰহাটৰ ন-আলি সংযোগী উৰণীয়া সেঁতু নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হৈছিল ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত এই উৰণীয়া সেঁতু নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিল ৷ ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত অন্য এখন উৰণীয়া সেঁতু নিৰ্মাণৰ কাম চলি আছে ৷ যোৰহাট ন-আলি সেঁতু আগষ্টত মুকলি হোৱাৰ লগে লগে যোৰহাট নগৰৰ যান-যঁটৰ সমস্যা কিছু পৰিমাণেও হ'লেও হ্ৰাস পাব বুলি ধাৰণা কৰিছে ৰাইজে ৷

লগতে পঢ়ক : Jorhat district establishment day:যোৰহাট জিলা দিৱস উদযাপনৰ দ্বিতীয় দিনা বিহুৱা-বিহুৱতীক বিতৰণ মাননি আৰু মানপত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.